মুখ্য পৃষ্ঠাতাফছীৰAl-Hadid (57)

তাফছীৰ Al-Hadid (57) — الحديد

মাদানী · 29 আয়াত

পঢ়ক · শুনকPDF ফাইল

سَبَّحَ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿١﴾

আকাশমণ্ডল আৰু পৃথিৱীত থকা আল্লাহৰ সকলো সৃষ্টি ৰ মাজৰ পৰাই তেওঁৰ পৱিত্রতা আৰু মাহত্ম্য বৰ্ণনা কৰে। তেৱেঁই সেই মহাপৰাক্র মশালী যাক কোনেও পৰাস্ত কৰিবনোৱাৰে। তেওঁ সৃষ্টি কৰাৰক্ষেত্ৰত আৰুপৰিচালনাত মহাপ্ৰ জ্ঞাৱান।

لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ يُحْىِۦ وَيُمِيتُ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ ﴿٢﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব এককভাৱে কেৱল তেওঁ ৰেই। তেৱেঁই যাক ইচ্ছা কৰে জীৱিত ৰাখে, আৰু যাক মৃ ত্যু প্ৰদান কৰিব বিচাৰে, তাক মৃ ত্যু প্ৰদান কৰে। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান; একোৱেই তেওঁ ক অপাৰগ কৰিবনোৱাৰে।

هُوَ ٱلْأَوَّلُ وَٱلْـَٔاخِرُ وَٱلظَّـٰهِرُ وَٱلْبَاطِنُ ۖ وَهُوَ بِكُلِّ شَىْءٍ عَلِيمٌ ﴿٣﴾

তেৱেঁই প্ৰথম; তেওঁৰ পূৰ্বে একো নাছিল। তেৱেঁই সৰ্বশেষ; তেওঁৰ পিছত একো নাথাকিব। তেৱেঁই প্ৰকাশ্য; তেওঁৰ ঊর্ধ্বত কোনো নাই। তেৱেঁই অপ্ৰ কাশ্য; তেওঁ তকৈ ওচৰত আন কোনো নাই। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ; তেওঁ ৰআয় ত্তৰবাহিৰত একো নাই।

هُوَ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ فِى سِتَّةِ أَيَّامٍۢ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۚ يَعْلَمُ مَا يَلِجُ فِى ٱلْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعْرُجُ فِيهَا ۖ وَهُوَ مَعَكُمْ أَيْنَ مَا كُنتُمْ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌۭ ﴿٤﴾

ه তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে। ৰবিবাৰৰ দিনা আৰম্ভ হৈছে আৰু শুক্র বাৰে শেষ হৈছে, যদিও তেওঁ চকু ৰ পলকতকৈও কম সময় ত ইয়াক সৃষ্টি কৰিবলৈ সক্ষম। ইয়াৰপিছত তেওঁ নিজৰউপযুক্ত প্ৰক্রি য়াৰেআৰছৰওপৰত উঠি ছে তথা সমু ন্নত হৈছে। ভূ মিৰভিতৰত বীজ আৰু বৰষুণৰ যি পানী সোমায় সেয়া তেওঁ জানে, আৰু ইয়াৰ ফলত যিবোৰ শস্য আৰু খনিজ দ্রব্যউদ্গত হয় সেইবোৰো তেওঁ জানে। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ আৰু অহী সম্পৰ্কে ও তেওঁ অৱগত, লগতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাসকলৰ আমল আৰু সিহঁ তৰ যিবোৰ প্ৰাণ হৰণ হৈ আকাশলৈ উঠি যায় সেইবোৰৰবিষয়ে ও তেওঁ অৱগত। হে মানৱসমাজ! তোমালোকে য’তেই নাথাকাকিয় তেওঁ নিজৰজ্ঞানৰমাধ্যমত তোমালোকৰ লগতেই থাকে। তোমালোকৰ কোনো বিষয়ে ই তেওঁৰ পৰা গোপন নহয় । প্ৰকৃ ততে তোমালোকে যি কৰি আছা, আল্লাহ সেইবোৰ দেখি আছে। তোমালোকৰকোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক এইবোৰৰপ্ৰ তিদান দিব।

لَّهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ ﴿٥﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব এককভাৱে তেওঁ ৰেই। একমাত্ৰ তেওঁ ৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱর্তিত হয় । এতেকে কিয়ামতৰ দিনা তেৱেঁই হিচাপ-নিকাচ গ্ৰহণ কৰিবআৰুসিহঁ তৰকৰ্মৰপ্ৰ তিদান দিব।

يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ ۚ وَهُوَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٦﴾

তেৱেঁই ৰাতিক দিনৰমাজত প্ৰৱেশ কৰায় । ফলত অন্ধকাৰনামি আহে আৰুমানুহে টোপনিত যায় । এইদৰেতেওঁ দিনক ৰাতিৰমাজত প্ৰৱেশ কৰায় , ফলত পোহৰেবিস্তাৰলাভ কৰেআৰুমানুহে নিজৰনিজৰকামত গুচি যায় । বান্দাসকলৰঅন্ত ৰত যি আছে সেই বিষয়ে তেওঁ সৰ্বজ্ঞ। তেওঁৰওচৰত গোপন বোলা একো নাই। بلغ আল-কোৰআন · তাফছীৰ

ءَامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَأَنفِقُوا۟ مِمَّا جَعَلَكُم مُّسْتَخْلَفِينَ فِيهِ ۖ فَٱلَّذِينَ ءَامَنُوا۟ مِنكُمْ وَأَنفَقُوا۟ لَهُمْ أَجْرٌۭ كَبِيرٌۭ ﴿٧﴾

তোমালোকে আল্লাহৰ ওপৰত ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছু লৰ ওপৰত ঈমান পোষণ কৰা। আল্লাহে তোমালোকক যিবোৰ সম্পদৰ প্ৰতিনিধি বনাইছে সেইবোৰ তোমালোকে তেওঁৰ বিধান অনুযায়ী ব্যয় কৰা। দৰাচলতে তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ ওপৰত ঈমান আনিছে আৰু নিজৰসম্পদ আল্লাহৰপথত ব্যয় কৰিছে তেওঁ লোকৰবাবেতেওঁ ৰওচৰত আছে মহা প্ৰতিদান তথা জান্নাত।

وَمَا لَكُمْ لَا تُؤْمِنُونَ بِٱللَّهِ ۙ وَٱلرَّسُولُ يَدْعُوكُمْ لِتُؤْمِنُوا۟ بِرَبِّكُمْ وَقَدْ أَخَذَ مِيثَـٰقَكُمْ إِن كُنتُم مُّؤْمِنِينَ ﴿٨﴾

আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে ?! অথচ ৰাছু লে তোমালোকক এই আশাত আল্লাহৰপ্ৰ তি আহ্বান কৰিআছে,যাতে তোমালোকে নিজ প্ৰতিপালকৰপ্ৰ তি ঈমান পোষণ কৰা। প্ৰকৃ ততে আল্লাহে তোমালোকৰপৰা সেই সময় ত অঙ্গীকাৰলৈছে, যেতিয়া তোমালোকক তোমালোকৰপিতৃ ৰপিঠি ৰপৰা উলিয়াই আনা হৈছিল,যে তোমালোকে যদি প্ৰকৃ ত মু মিন হোৱা তেন্তে তেওঁ ৰওপৰত ঈমান পোষণ কৰিবা।

هُوَ ٱلَّذِى يُنَزِّلُ عَلَىٰ عَبْدِهِۦٓ ءَايَـٰتٍۭ بَيِّنَـٰتٍۢ لِّيُخْرِجَكُم مِّنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ ۚ وَإِنَّ ٱللَّهَ بِكُمْ لَرَءُوفٌۭ رَّحِيمٌۭ ﴿٩﴾

তেৱেঁই আল্লাহ যিজনে তেওঁৰবান্দাহ মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰওপৰত সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছে। যাতে তেওঁ তোমালোকক কু ফৰী আৰু অজ্ঞতাৰ অন্ধকাৰৰ পৰা ঈমান আৰু জ্ঞানৰ পোহৰৰ ফালে উলিয়াই আনিব পাৰে। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত দয়াৱান তথা কৰুণাশীল। কিয় নো, তেওঁ তোমালোকৰ ওচৰলৈ পথপ্ৰ দৰ্শক আৰু সুসংবাদদাতা হিচাপে তেওঁ ৰ নবীক প্রে ৰণ কৰিছে।

وَمَا لَكُمْ أَلَّا تُنفِقُوا۟ فِى سَبِيلِ ٱللَّهِ وَلِلَّهِ مِيرَٰثُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ لَا يَسْتَوِى مِنكُم مَّنْ أَنفَقَ مِن قَبْلِ ٱلْفَتْحِ وَقَـٰتَلَ ۚ أُو۟لَـٰٓئِكَ أَعْظَمُ دَرَجَةًۭ مِّنَ ٱلَّذِينَ أَنفَقُوا۟ مِنۢ بَعْدُ وَقَـٰتَلُوا۟ ۚ وَكُلًّۭا وَعَدَ ٱللَّهُ ٱلْحُسْنَىٰ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌۭ ﴿١٠﴾

ه ى ه আল্লাহৰপথত ব্যয় কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে ?! অথচ আকাশমণ্ডল আৰুপৃথিৱীৰসৰ্বস্ব ত্বহৈছে আল্লাহৰ। হে মু মিনসকল! তোমালোকৰ মাজৰ যিয়ে মক্কা বিজয় ৰ পূৰ্বে আল্লাহৰ সন্তু ষ্টি অৰ্জ নৰ উদ্দেশ্যে নিজৰ সম্পদ ব্যয় কৰিছে আৰু ইছলামক সহায় কৰিবলৈ কাফিৰসকলৰ লগত যুদ্ধ কৰিছে, আনহাতে যিয়ে মক্কা বিজয় ৰ পিছত অৰ্থ-সম্পদ ব্যয় কৰিছে আৰু কাফিৰসকলৰ লগত যুদ্ধ কৰিছে, তেওঁ লোক কেতিয়াও সমান হ’ব নোৱাৰে। বিজয় ৰ পূৰ্বে যিসকলে আল্লাহৰ পথত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক আল্লাহৰ ওচৰত অধিক মর্যাদাৱান, সেইসকল লোকৰ তুলনাত যিসকলে বিজয় ৰ পিছত আল্লাহৰ পথত ব্যয় কৰিছে তথা কাফিৰসকলৰ সৈতে যুদ্ধ কৰিছে। যদিও আল্লাহে উভয় পক্ষৰ লগত জান্নাতৰ অঙ্গীকাৰ কৰিছে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কৰ্ম সম্পর্কে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ তোমালোককইয়াৰপ্ৰ তিদান দান কৰিব।

مَّن ذَا ٱلَّذِى يُقْرِضُ ٱللَّهَ قَرْضًا حَسَنًۭا فَيُضَـٰعِفَهُۥ لَهُۥ وَلَهُۥٓ أَجْرٌۭ كَرِيمٌۭ ﴿١١﴾

এনেকু ৱাকোনোবাআছেনে যিয়ে স্বেচ্ছাই আনন্দ চিত্তে নিজৰসম্পদ আল্লাহৰসন্তু ষ্টি অৰ্জ ন কৰিবলৈ ব্যয় কৰিব,ফলত আল্লাহে তাৰব্যয় কৰাসম্পদৰ প্ৰতিদান বহুগুণে বৃদ্ধি কৰি প্ৰদান কৰিব, আৰু কিয়ামতৰ দিনা তাৰ বাবে থাকিব সন্মানজনক প্ৰতিদান তথা জান্নাত?!

يَوْمَ تَرَى ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ يَسْعَىٰ نُورُهُم بَيْنَ أَيْدِيهِمْ وَبِأَيْمَـٰنِهِم بُشْرَىٰكُمُ ٱلْيَوْمَ جَنَّـٰتٌۭ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ ﴿١٢﴾

সেইদিনা আপুনি দেখিবলৈ পাব মু ’মিন পুৰুষ আৰু মু মিনা নাৰীসকলৰ সন্মুখত আৰু তেওঁ লোকৰ সোঁফালে তেওঁ লোকৰ জ্যোতিয়ে গতি কৰিছে আৰু সেইদিনা তেওঁলোকক কোৱা হ’বঃ তোমালোকৰ বাবে আজি এনেকু ৱা জান্নাতৰ সুসংবাদ আছে, যিবোৰৰ অট্টালিকা আৰু বৃক্ষৰাজিৰ তলদেশত নৈ- নিজৰাপ্ৰ বাহিত আছে। তেওঁ লোকে তাত চিৰকাল অৱস্থান কৰিব। এই প্ৰতিদানেই হৈছে মহাসফলতা। যাৰলগত কোনোসফলতাৰতু লনানহয় । بلغ আল-কোৰআন · তাফছীৰ

يَوْمَ يَقُولُ ٱلْمُنَـٰفِقُونَ وَٱلْمُنَـٰفِقَـٰتُ لِلَّذِينَ ءَامَنُوا۟ ٱنظُرُونَا نَقْتَبِسْ مِن نُّورِكُمْ قِيلَ ٱرْجِعُوا۟ وَرَآءَكُمْ فَٱلْتَمِسُوا۟ نُورًۭا فَضُرِبَ بَيْنَهُم بِسُورٍۢ لَّهُۥ بَابٌۢ بَاطِنُهُۥ فِيهِ ٱلرَّحْمَةُ وَظَـٰهِرُهُۥ مِن قِبَلِهِ ٱلْعَذَابُ ﴿١٣﴾

সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে মুমিনসকলক উদ্দেশ্যি ক’বঃ তোমালোকে আমাৰ বাবে অকণমান অপেক্ষা কৰা, যাতে আমি তোমালোকৰ জ্যোতিৰ পৰা অলপ গ্ৰহণ কৰিব পাৰোঁ, যিয়ে আমাক পুলচিৰাত পাৰ হোৱাত সহায় কৰিব। তেতিয়া মু নাফিকসকলক ঠাট্টাৰ সুৰত কোৱা হ’বঃ তোমালোকে পিছফালে উভতি যোৱা, আৰু বাট দেখাৰ বাবে জ্যোতি সন্ধান কৰাগৈ। তেতিয়া সিহঁ তৰ সন্মুখত প্রাচীৰ স্থাপন কৰা হ’ব। উক্ত প্রাচীৰত আছে এনেকু ৱা এখন দুৱাৰ, যিখনৰ ভিতৰভাগ হৈছে মুমিনসকলৰ নিকটৱর্তী আৰু তাত আছে ৰহমত। আনহাতে বাহিৰৰ ভাগটো হৈছে মু নাফিকসকলৰনিকটৱর্তী, তাত আছে শাস্তি ।

يُنَادُونَهُمْ أَلَمْ نَكُن مَّعَكُمْ ۖ قَالُوا۟ بَلَىٰ وَلَـٰكِنَّكُمْ فَتَنتُمْ أَنفُسَكُمْ وَتَرَبَّصْتُمْ وَٱرْتَبْتُمْ وَغَرَّتْكُمُ ٱلْأَمَانِىُّ حَتَّىٰ جَآءَ أَمْرُ ٱللَّهِ وَغَرَّكُم بِٱللَّهِ ٱلْغَرُورُ ﴿١٤﴾

তেতিয়া মুনাফিকসকলে মুমিনসকলক মাতি ক’বঃ ইছলাম পালনৰ ক্ষেত্ৰত আৰু আনুগত্যৰ ক্ষেত্রত আমি তোমালোকৰ সৈতে অৱস্থান কৰা নাছিলোঁনে?! তেতিয়া মুমিনসকলে সিহঁ তক ক’বঃ হয় , তোমালোকে আমাৰ লগতেই আছিলা। কিন্তু তোমালোকে নিজৰ নফছক নিফাকত আক্রান্ত কৰি ধ্বংস কৰিছিলা। লগতে তোমালোকে মুমিনসকলৰ বিষয়ে সদায় অপেক্ষা কৰিছিলা যে, তেওঁলোকে যেন পৰাজিত হয় , যাতে তোমালোকে প্ৰকাশ্যভাৱে কু ফৰীৰ ঘোষণা কৰিব পাৰা। তথা আল্লাহৰ ফালৰ পৰা মু মিনসকলক কৰিবলগীয়া সহায় ৰ ক্ষেত্ৰতো তোমালোকে সন্দে হ কৰিছিলা আৰু মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থানৰ প্ৰতিও সন্দে হ কৰিছিলা। মিছা লোভ-লালসাই তোমালোকক প্ৰতাৰণা কৰিছিল। অৱশেষত সেই অৱস্থাতেই মৃ ত্যুৱে তোমালোকক গ্ৰাস কৰিছে, লগতে চয় তানেও তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিছিল।

فَٱلْيَوْمَ لَا يُؤْخَذُ مِنكُمْ فِدْيَةٌۭ وَلَا مِنَ ٱلَّذِينَ كَفَرُوا۟ ۚ مَأْوَىٰكُمُ ٱلنَّارُ ۖ هِىَ مَوْلَىٰكُمْ ۖ وَبِئْسَ ٱلْمَصِيرُ ﴿١٥﴾

এতেকে হে মু নাফিকসকল! আজি আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা পাবলৈ তোমালোকৰ পৰা কোনো ধৰণৰ মু ক্তি পণ গ্ৰহণ কৰা নহ’ব। আনহাতে সেইসকল লোকৰ পৰাও কোনো ধৰণৰ মু ক্তি পণ গ্ৰহণ কৰা নহ’ব যিসকলে প্ৰকাশ্যভাৱে আল্লাহক অস্বীকাৰ কৰিছে। প্ৰকৃ ততে তোমালোকৰ আৰু কাফিৰসকলৰ শেষ ঠি কনা হৈছে জাহান্নাম। সেই স্থানটো হৈছে তোমালোকৰ বাবে অধিক যোগ্য স্থান, আৰু তোমালোকেও সেই স্থানৰ বাবে অধিক যোগ্য। সেইটো কিমানযেনিকৃ ষ্টঠি কনা।

۞ أَلَمْ يَأْنِ لِلَّذِينَ ءَامَنُوٓا۟ أَن تَخْشَعَ قُلُوبُهُمْ لِذِكْرِ ٱللَّهِ وَمَا نَزَلَ مِنَ ٱلْحَقِّ وَلَا يَكُونُوا۟ كَٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ مِن قَبْلُ فَطَالَ عَلَيْهِمُ ٱلْأَمَدُ فَقَسَتْ قُلُوبُهُمْ ۖ وَكَثِيرٌۭ مِّنْهُمْ فَـٰسِقُونَ ﴿١٦﴾

যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান আনিছে, তেওঁ লোকৰ এতিয়াও সময় হোৱা নাই নেকি যে, মহান আল্লাহৰ স্মৰণত তেওঁ লোকৰ অন্ত ৰ নৰম হ’ব আৰু কোৰআনত অৱতীৰ্ণ হোৱা সুসংবাদ অথবা দুঃসংবাদৰ দ্বাৰা তেওঁলোকৰ অন্ত ৰ প্ৰশান্তি লাভ কৰিব আৰু বিগলিত হ’ব?! আৰু তেওঁলোকে যেন সিহঁ তৰ দৰে কঠোৰ হৃদয় ত পৰিণত নহয় , যিসকল ইয়াহুদীক তাওৰাত প্ৰদান কৰা হৈছিল আৰু যিসকল খৃষ্টানক ইঞ্জীল প্ৰদান কৰা হৈছিল। কাৰণ সিহঁ তৰআৰুনবীআগমনৰমাজৰসময় ছোৱাদীর্ঘ হোৱাৰকাৰণে সিহঁ তৰঅন্ত ৰৰূঢ় হৈ পৰিছিল। সিহঁ তৰমাজৰঅধিকাংশই আছিল আল্লাহৰ আনু গত্যৰ পৰা ওলাই যোৱা তথা তেওঁ ৰ অবাধ্যতাত লিপ্ত হোৱা লোক।

ٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ يُحْىِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا ۚ قَدْ بَيَّنَّا لَكُمُ ٱلْـَٔايَـٰتِ لَعَلَّكُمْ تَعْقِلُونَ ﴿١٧﴾

জানি থোৱা! মাটি শুকাই যোৱাৰ পিছতো আল্লাহে শস্যাদি উদ্গত কৰি ভূমিক পুনৰ্জীৱিত কৰে। হে মানৱজাতি! নিশ্চয় আমি তোমালোকৰ বাবে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ একত্ব বাদৰ প্ৰমাণবাহী দলীল-প্ৰমাণাদি স্পষ্ট ভাৱে বৰ্ণনা কৰিছোঁ। যাতে তোমালোকে সেইবোৰ আয় ত্তকৰিব পাৰা। এতেকে জানি থোৱা! যি সত্তাই শুকান ভূমিক পুনৰ্জীৱিত কৰে, নিশ্চয় তেওঁ তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম। সেইদৰেতেওঁ তোমালোকৰকঠি ন হৃ দয় বোৰকো বিগলিত কৰিবলৈ সক্ষম। بلغ আল-কোৰআন · তাফছীৰ

إِنَّ ٱلْمُصَّدِّقِينَ وَٱلْمُصَّدِّقَـٰتِ وَأَقْرَضُوا۟ ٱللَّهَ قَرْضًا حَسَنًۭا يُضَـٰعَفُ لَهُمْ وَلَهُمْ أَجْرٌۭ كَرِيمٌۭ ﴿١٨﴾

নিশ্চয় যিসকল পুৰুষ আৰু মহিলাই কোনো ধৰণৰ কষ্ট আৰু চৰ্চা নকৰাকৈ আনন্দ চিত্তে নিজৰ সম্পদ ব্যয় কৰে, তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান বহু গুণে বৃদ্ধি কৰি দিয়া হ’ব। তথা এটা নেকী দহৰ পৰা সাতশ গুণ পৰ্যতন্ আনকি তাতোকৈ অধিক বৃদ্ধি কৰি দিয়া হ’ব। ইয়াৰ বাহিৰেও আল্লাহৰ ওচৰত তেওঁ লোকৰ বাবে থাকিব সন্মানিত প্ৰতিদান তথা জান্নাত।

وَٱلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦٓ أُو۟لَـٰٓئِكَ هُمُ ٱلصِّدِّيقُونَ ۖ وَٱلشُّهَدَآءُ عِندَ رَبِّهِمْ لَهُمْ أَجْرُهُمْ وَنُورُهُمْ ۖ وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَآ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَحِيمِ ﴿١٩﴾

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলসকলৰ মাজত কোনো ধৰণৰ পার্থক্য নকৰাকৈ তেওঁলোকৰ প্ৰতি ঈমান আনিছে, তেওঁ লোকেই হৈছে সত্যবাদী আৰু নিজ প্ৰতিপালকৰ ওচৰত সাক্ষ্য প্ৰদানকাৰী। তেওঁ লোকৰ বাবে আছে সন্মানীয় প্ৰতিদান, যিবোৰ তেওঁ লোকৰ বাবে প্ৰস্তু ত কৰা হৈছে, লগতে তেওঁ লোকৰ বাবে আছে জ্যোতি, যিটো কিয়ামতৰ দিনা তেওঁ লোকৰ আগে আগে আৰু সোঁফালে দৌৰিব। পক্ষান্ত ৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লসকলৰ লগত কু ফৰী কৰিছে আৰু আমাৰ ৰাছু লৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁ তেই হৈছে জাহান্নামৰঅধিবাসী। কিয়ামতৰদিনা সিহঁ তে তাত প্ৰৱেশ কৰিবআৰু চিৰকাল অৱস্থান কৰিব। কেতিয়াও সিহঁ তে তাৰপৰা ওলাবনোৱাৰিব।

ٱعْلَمُوٓا۟ أَنَّمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا لَعِبٌۭ وَلَهْوٌۭ وَزِينَةٌۭ وَتَفَاخُرٌۢ بَيْنَكُمْ وَتَكَاثُرٌۭ فِى ٱلْأَمْوَٰلِ وَٱلْأَوْلَـٰدِ ۖ كَمَثَلِ غَيْثٍ أَعْجَبَ ٱلْكُفَّارَ نَبَاتُهُۥ ثُمَّ يَهِيجُ فَتَرَىٰهُ مُصْفَرًّۭا ثُمَّ يَكُونُ حُطَـٰمًۭا ۖ وَفِى ٱلْـَٔاخِرَةِ عَذَابٌۭ شَدِيدٌۭ وَمَغْفِرَةٌۭ مِّنَ ٱللَّهِ وَرِضْوَٰنٌۭ ۚ وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا مَتَـٰعُ ٱلْغُرُورِ ﴿٢٠﴾

ى জানি থোৱা! পাৰ্থিৱ জীৱন হৈছে এক প্ৰকাৰ খেল-ধেমালিহে মাত্ৰ, যাক লৈ শৰীৰে খেলা-ধূলা কৰে; আৰু হৈছে অৱহেলা, য’ত অন্ত ৰে উদাসিনতা প্ৰদৰ্শন কৰে। লগতে ই হৈছে এক প্ৰকাৰ সৌন্দ র্য, যাক ধাৰণ কৰি তোমালোকে সুসজ্জিত হোৱা। ইয়াৰ ৰাজত্ব আৰু সম্পদলৈ তোমালোকৰ মাজত পাৰস্পৰিক অহংকাৰ চলি থাকে। তথা ইয়াৰ ধন-সম্পদ আৰু সন্তান-সন্ত তিৰ প্রাচু ৰ্যকলৈ তোমালোকে গৌৰৱ কৰি থাকা। ইয়াৰ উদাহৰণ হৈছে সেই বৰষুণৰদৰে, যাৰফলত উৎপন্ন হোৱা শস্যদেখি কৃ ষকে আনন্দি ত হয় , আৰুকিছু দিন পিছতেই এই সেউজীয়া শস্যশুকাই যায় । ফলত হে দৰ্শক! তু মি সেই শস্যক সেউজীয়াৰপিছত হালধীয়া বৰণত দেখিবলৈ পোৱা। ইয়াৰপিছত আল্লাহে সেইটোক খেৰকু টাত পৰিণত কৰে, ফলত সেইবোৰচু ৰ্ণ-বিচু ৰ্ণহৈ যায় । আখিৰাতত কাফিৰ আৰু মুনাফিকসকলৰ বাবে আছে কঠি ন শাস্তি । আনহাতে আল্লাহৰ ফালৰ পৰা তেওঁৰ মুমিন বান্দাসকলৰ বাবে আছে ক্ষমা আৰু সন্তু ষ্টি । দৰাচলতে পাৰ্থিৱ জীৱন হৈছে কেৱল ক্ষণস্থায়ী সম্পদ মাত্ৰ; ইয়াৰ কোনো স্থায়ি ত্বনাই। এতেকে যি ব্যক্তি য়ে তাৰ ক্ষণস্থায়ী সম্পদক আখিৰাতৰচিৰস্থায়ীভোগ-সমাগ্রীৰওপৰত প্রাধান্যদিব,সেই ব্যক্তি য়ে ই হৈছে প্ৰকৃ ত ক্ষতিগ্ৰ তস্।

سَابِقُوٓا۟ إِلَىٰ مَغْفِرَةٍۢ مِّن رَّبِّكُمْ وَجَنَّةٍ عَرْضُهَا كَعَرْضِ ٱلسَّمَآءِ وَٱلْأَرْضِ أُعِدَّتْ لِلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦ ۚ ذَٰلِكَ فَضْلُ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ ۚ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ ﴿٢١﴾

ه তোমালোকে সেইসমূহ নেক আমলৰ ফালে ধাৱিত হোৱা, যাৰ দ্বাৰা তোমালোকে নিজৰ গুনাহৰ ক্ষমা লাভ কৰিবলৈ সক্ষম হ’বা। তথা তাওবাসহ অন্যান্য নৈকট্য বিষয়াদিৰ প্ৰতি অগ্ৰ সৰ হোৱা। যাতে এইবোৰৰ মাধ্যমত সেই জান্নাত লাভ কৰিবলৈ সক্ষম হোৱা, যাৰ প্ৰশস্ত তা হৈছে আকাশ আৰু পৃথিৱীৰ সমান। এই জান্নাত আল্লাহে সেইসকল লোকৰ বাবে প্ৰস্তু ত কৰিছে, যিসকলে তেওঁৰ ওপৰত আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনিছে। এতেকে এই প্ৰতিদান হৈছে আল্লাহৰঅনুগ্ৰ হ মাত্র। তেওঁ নিজ বান্দাসকলৰমাজৰযাক ইচ্ছা কৰেতাক সেয়া দান কৰে। মহান আল্লাহ তেওঁ ৰ মু ’মিন বান্দাসকলৰ প্ৰতি মহা অনু গ্ৰহশীল।

مَآ أَصَابَ مِن مُّصِيبَةٍۢ فِى ٱلْأَرْضِ وَلَا فِىٓ أَنفُسِكُمْ إِلَّا فِى كِتَـٰبٍۢ مِّن قَبْلِ أَن نَّبْرَأَهَآ ۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌۭ ﴿٢٢﴾

পৃথিৱীত খৰালীসহ অন্যান্য যিমানবোৰ বিপৰ্যয় সংঘটি ত হয় অথবা নিজৰ মাজত যিবোৰ বিপদ-আপদ আহে, সেইবোৰ সৃষ্টি ৰ পূৰ্বে লাওহে মাহফু জত সংৰক্ষিত আছিল। নিশ্চয় এয়াআল্লাহৰবাবেঅতি সহজ। بلغ আল-কোৰআন · তাফছীৰ

لِّكَيْلَا تَأْسَوْا۟ عَلَىٰ مَا فَاتَكُمْ وَلَا تَفْرَحُوا۟ بِمَآ ءَاتَىٰكُمْ ۗ وَٱللَّهُ لَا يُحِبُّ كُلَّ مُخْتَالٍۢ فَخُورٍ ﴿٢٣﴾

এইটো এইকাৰণে যে, হে মানৱ সমাজ! যাতে তোমালোকে হেৰুৱা বিষয় ৰ ওপৰত দুশ্চিন্তাগ্ৰ তস্ নোহোৱা। আনহাতে তেওঁ যি নিয়ামত দান কৰিছে, সেইবোৰকলৈও যাতে অহংকাৰমূলক আনন্দ ত উৎফু ল্লি ত নোহোৱা। নিশ্চয় আল্লাহে মানুহক যি দান কৰিছে, সেইবোৰকলৈ অহংকাৰ কৰা দাম্ভি ক ব্যক্তিকতেওঁ পছন্দ নকৰে।

ٱلَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ ٱلنَّاسَ بِٱلْبُخْلِ ۗ وَمَن يَتَوَلَّ فَإِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ ﴿٢٤﴾

যিসকলে সেইসমূ হ শিতানত ব্যয় নকৰেয’ত ব্যয় কৰা অনিবাৰ্য্য,লগতে মানু হকো কৃ পণালী কৰাৰনিৰ্দে শ দিয়ে ,সিহঁ তেই হৈছে ক্ষতিগ্ৰ তস্। যি ব্যক্তি য়ে আল্লাহৰ আনুগত্যৰ পৰা মুখ ঘূৰাই লয়, সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং সি নিজৰেই ক্ষতি কৰে। নিশ্চয় আল্লাহ অমু খাপেক্ষী। ফলত তেওঁ বান্দাসকলৰআনু গত্যৰমু খাপেক্ষীনহয় । তেওঁ সকলোঅৱস্থাতেই প্ৰশংসিত।

لَقَدْ أَرْسَلْنَا رُسُلَنَا بِٱلْبَيِّنَـٰتِ وَأَنزَلْنَا مَعَهُمُ ٱلْكِتَـٰبَ وَٱلْمِيزَانَ لِيَقُومَ ٱلنَّاسُ بِٱلْقِسْطِ ۖ وَأَنزَلْنَا ٱلْحَدِيدَ فِيهِ بَأْسٌۭ شَدِيدٌۭ وَمَنَـٰفِعُ لِلنَّاسِ وَلِيَعْلَمَ ٱللَّهُ مَن يَنصُرُهُۥ وَرُسُلَهُۥ بِٱلْغَيْبِ ۚ إِنَّ ٱللَّهَ قَوِىٌّ عَزِيزٌۭ ﴿٢٥﴾

নিশ্চয় আমি আমাৰৰাছু লসকলক সুস্পষ্ট দলীল আৰুমহান প্ৰমাণাদিৰসৈতে প্ৰে ৰণ কৰিছোঁ আৰুতেওঁলোকৰসৈতে আমি গ্ৰন্থও অৱতীৰ্ণ কৰিছোঁ। লগতে ন্যায় বিচাৰপ্ৰ তিষ্ঠা কৰিবলৈ মীযান অৱতীৰ্ণ কৰিছোঁ। যাতে মানুহে ইনচাফ তথা ন্যায় প্ৰতিষ্ঠা কৰিবপাৰে। লগতে আমি মজবুত আৰু সুদৃঢ় লোহা অৱতীৰ্ণ কৰিছোঁ। যিবোৰৰ দ্বাৰা অস্ত্র তৈয়াৰ কৰা হয় , আৰু তাত আছে মানু হৰ বাবে সিহঁ তৰ উদ্যোগিক আৰু ব্যৱসায়ি ক উপকাৰিতাসমূ হ। যাতে আল্লাহে বান্দাসকলৰ অৱগতিৰ বাবে প্ৰকাশ কৰি দিব পাৰে যে, তেওঁৰ বান্দাসকলৰ মাজৰ কোনে নেদেখাকৈ তেওঁক সহায় কৰে। নিশ্চয় আল্লাহ শক্তি ধৰ, মহা পৰাক্র মশালী। কোনেও তেওঁ ক পৰাজিত কৰিব নোৱাৰে, আৰু একোৱেই তেওঁ ক অপাৰগ কৰিব নোৱাৰে।

وَلَقَدْ أَرْسَلْنَا نُوحًۭا وَإِبْرَٰهِيمَ وَجَعَلْنَا فِى ذُرِّيَّتِهِمَا ٱلنُّبُوَّةَ وَٱلْكِتَـٰبَ ۖ فَمِنْهُم مُّهْتَدٍۢ ۖ وَكَثِيرٌۭ مِّنْهُمْ فَـٰسِقُونَ ﴿٢٦﴾

নিশ্চয় আমি নূহ আৰু ইব্ৰাহীম (আলাইহিমাচ্ছালাম)ক ৰাছু ল বনাই প্ৰে ৰণ কৰিছিলোঁ আৰু তেওঁলোক উভয় ৰে সন্তানসকলৰ মাজত নুবুওৱত আৰু অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহ উপহাৰ দিছিলোঁ। ফলত তেওঁলোকৰ সন্তানসকলৰ মাজৰ কিছু মানে সৰল পথ লাভ কৰি তাওফীকপ্রাপ্ত হৈছিল। আনহাতে সিহঁ তৰ মাজৰ অধিকাংশই আল্লাহৰ আনু গত্যৰ পৰা ওলাই গৈছিল।

ثُمَّ قَفَّيْنَا عَلَىٰٓ ءَاثَـٰرِهِم بِرُسُلِنَا وَقَفَّيْنَا بِعِيسَى ٱبْنِ مَرْيَمَ وَءَاتَيْنَـٰهُ ٱلْإِنجِيلَ وَجَعَلْنَا فِى قُلُوبِ ٱلَّذِينَ ٱتَّبَعُوهُ رَأْفَةًۭ وَرَحْمَةًۭ وَرَهْبَانِيَّةً ٱبْتَدَعُوهَا مَا كَتَبْنَـٰهَا عَلَيْهِمْ إِلَّا ٱبْتِغَآءَ رِضْوَٰنِ ٱللَّهِ فَمَا رَعَوْهَا حَقَّ رِعَايَتِهَا ۖ فَـَٔاتَيْنَا ٱلَّذِينَ ءَامَنُوا۟ مِنْهُمْ أَجْرَهُمْ ۖ وَكَثِيرٌۭ مِّنْهُمْ فَـٰسِقُونَ ﴿٢٧﴾

ইয়াৰ পিছত আমি বিভিন্ন সম্প্ৰ দায় ৰ প্ৰতি আমাৰ ৰাছু লসকলক ধাৰাবাহিকভাৱে প্রে ৰণ কৰিছিলোঁ। ইয়াৰ পিছত আমি ঈছা ইবনু মাৰইয়ামক প্রে ৰণ কৰিছিলোঁ আৰু তেওঁক ইঞ্জিল প্ৰদান কৰিছিলোঁ। যিসকলে তেওঁৰ ওপৰত ঈমান আনিছিল আৰু তেওঁৰ অনুগত হৈছিল তেওঁলোকৰ অন্ত ৰত আমি দয়া ঢালি দিছিলোঁ। ফলত তেওঁলোকে পৰস্পৰে পৰস্পৰক ভাল পাইছিল আৰু দয়াৰ বন্ধনত আৱদ্ধ আছিল। কিন্তু তেওঁলোকে দ্বীনৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰিছিল। ফলত তেওঁলোকে কিছুমান হালাল বিধানক পৰিত্যাগ কৰিছিল, যেনে- বিবাহ আৰু ভোগ-সামগ্ৰী আদি। তেওঁলোকৰ পৰা এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। বৰং তেওঁলোকে নিজেই দ্বীনৰ মাজত নৱ উদ্ভাৱন কৰি ইয়াক নিজৰ ওপৰত অনিবাৰ্য্য কৰি লৈছিল। প্ৰকৃ ততে আমি তেওঁলোকৰ পৰা আল্লাহৰ সন্তু ষ্টি অৰ্জ ন কৰিবলৈ কাম কৰাৰ দাবী কৰিছিলোঁ। কিন্তু তেওঁলোকে সেইটো কৰা নাছিল। সেয়ে তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দান কৰিছোঁ। কিন্তু তেওঁলোকৰ মাজৰ অধিকাংশ লোকেই মু হাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা চৰীয় তক অস্বীকাৰ কৰি আল্লাহৰ আনু গত্যৰ পৰা ওলাই গৈছিল। بلغ আল-কোৰআন · তাফছীৰ

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَءَامِنُوا۟ بِرَسُولِهِۦ يُؤْتِكُمْ كِفْلَيْنِ مِن رَّحْمَتِهِۦ وَيَجْعَل لَّكُمْ نُورًۭا تَمْشُونَ بِهِۦ وَيَغْفِرْ لَكُمْ ۚ وَٱللَّهُ غَفُورٌۭ رَّحِيمٌۭ ﴿٢٨﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! তোমালোকে আল্লাহৰ আদেশ-নিষেধ পালন কৰাৰ মাধ্যমত তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাছুলৰ ওপৰত ঈমান পোষণ কৰা। মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আৰু পূৰ্বৱর্তী ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰাৰ বাবে তেওঁ তোমালোকক দ্বি গুণ ছোৱাব প্ৰদান কৰিব। তেওঁ তোমালোকক এনেকু ৱা জ্যোতি প্ৰদান কৰিব যাৰ দ্বাৰা তোমালোকে পাৰ্থিৱ জীৱনত সঠি ক পথ লাভ কৰিবা আৰু কিয়ামতৰ দিনা তাৰ দ্বাৰা পুলচিৰাত পাৰ হওঁতে জ্যোতি গ্ৰহণ কৰিব পাৰিবা। লগতে তেওঁ তোমালোকৰ গুনাহসমূ হকো ক্ষমা কৰি দিব। ফলত সেইবোৰক গোপন কৰি ৰাখিব। আনকি তোমালোকক সেইবোৰৰ বিষয়ে জবাবদিহিও কৰা নহ’ব। নিশ্চয় আল্লাহ বান্দাসকলৰপ্ৰ তি ক্ষমাশীল আৰুকৃ পাৱান।

لِّئَلَّا يَعْلَمَ أَهْلُ ٱلْكِتَـٰبِ أَلَّا يَقْدِرُونَ عَلَىٰ شَىْءٍۢ مِّن فَضْلِ ٱللَّهِ ۙ وَأَنَّ ٱلْفَضْلَ بِيَدِ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ ۚ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ ﴿٢٩﴾

হে মুমিনসকল! আমি তোমালোকৰ বাবে মহা অনুগ্ৰ হ আৰু বহুগুণ প্ৰতিফল প্ৰস্তু ত কৰি তোমালোকৰ ওপৰত যি উপকাৰ কৰিছোঁ, সেইবোৰৰ বৰ্ণনা আমি এইকাৰণে দিছোঁ, যাতে পূৰ্বৱৰ্তী ইয়াহুদী আৰু খৃষ্টানৰূপী আহলে কিতাবসকলে জানিব পাৰে যে, সিহঁ ত আল্লাহৰ অনুগ্ৰ হৰ মালিক নহয় যে, সিহঁ তে যাক ইচ্ছা কৰিব প্ৰদান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব। লগতে সিহঁ তে যেন এই কথা ভালকৈয়ে জানি লয় যে, সকলো প্ৰকাৰ অনুগ্ৰ হৰ অধিকাৰ হৈছে একমাত্ৰ মহান আল্লাহৰ হাতত। তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে দান কৰে। তেৱেঁই মহা অনুগ্ৰ হৰ অধিকাৰী। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰিব, তেওঁ ৰ অনু গ্ৰহেৰে বিভূ ষিত কৰিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Hadid — الحديد

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা