মুখ্য পৃষ্ঠাতাফছীৰAl-Hujuraat (49)

তাফছীৰ Al-Hujuraat (49) — الحجرات

মাদানী · 18 আয়াত

পঢ়ক · শুনকPDF ফাইল

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تُقَدِّمُوا۟ بَيْنَ يَدَىِ ٱللَّهِ وَرَسُولِهِۦ ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٌۭ ﴿١﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! কোনো কথা অথবা কৰ্মত আল্লাহ আৰু তেওঁৰ ৰাছুলতকৈ আগুৱাই নাযাবা। আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তোমালোকৰকথাবোৰশুনে আৰুতোমালোকৰকৰ্ম সম্পৰ্কে তেওঁ সৰ্বজ্ঞ। একোৱেই তেওঁ ৰআয় ত্তৰবাহিৰত নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَرْفَعُوٓا۟ أَصْوَٰتَكُمْ فَوْقَ صَوْتِ ٱلنَّبِىِّ وَلَا تَجْهَرُوا۟ لَهُۥ بِٱلْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ أَن تَحْبَطَ أَعْمَـٰلُكُمْ وَأَنتُمْ لَا تَشْعُرُونَ ﴿٢﴾

أعملكم وأنتملا تشعرون হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! ৰাছু লৰ লগত উত্তম শিষ্টাচাৰৰ সৈতে ব্যৱহাৰ কৰা। তথা নবীৰ সৈতে কথা কোৱাৰ সময় ত নবীৰ কণ্ঠস্বৰতকৈ তোমালোকৰ কণ্ঠস্বৰ যাতে উচ্চ নহয় , তাৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিবা। লগতে তেওঁক নাম ধৰি নামাতিবা, যিদৰে তোমালোকে ইজনে সিজনক মাতা। বৰং বিনম্ৰ তাৰ সৈতে তেওঁক হে নবী আৰু হে ৰাছু ল বুলি মাতিবা। কাৰণ তোমালোকৰ অজানিতে তোমালোকৰ আমলৰ ছোৱাব যাতে অথলে নাযায় সেইটোলৈ ভয় কৰিবা।

إِنَّ ٱلَّذِينَ يَغُضُّونَ أَصْوَٰتَهُمْ عِندَ رَسُولِ ٱللَّهِ أُو۟لَـٰٓئِكَ ٱلَّذِينَ ٱمْتَحَنَ ٱللَّهُ قُلُوبَهُمْ لِلتَّقْوَىٰ ۚ لَهُم مَّغْفِرَةٌۭ وَأَجْرٌ عَظِيمٌ ﴿٣﴾

নিশ্চয় যিসকলে ৰাছু লৰ সন্মুখত নিজৰ কন্ঠস্ব ৰ অৱনমিত ৰাখে, তেওঁ লোকৰ অন্ত ৰকেই আল্লাহে তেওঁ ৰ তাক্ব ৱাৰ বাবে পৰখ কৰিছে আৰু নিৰ্বাচিত কৰি লৈছে। তেওঁ লোকৰ গুনাহৰ বাবে আছে মাগফিৰাত, তেওঁ লোকৰ সেই গুনাহবোৰক কেন্দ্ৰ কৰি তেওঁ লোকক জবাবদিহি কৰা নহ’ব। লগতে কিয়ামতৰ দিনাতেওঁ লোকৰবাবেআছে মহাপ্ৰ তিদান। অৰ্থাৎ আল্লাহে তেওঁ লোকক জান্নাতত প্ৰৱেশ কৰাৰসৌভাগ্যপ্ৰ দান কৰিব।

إِنَّ ٱلَّذِينَ يُنَادُونَكَ مِن وَرَآءِ ٱلْحُجُرَٰتِ أَكْثَرُهُمْ لَا يَعْقِلُونَ ﴿٤﴾

হে ৰাছুল! যিসকল বেদুইনে আপোনাক আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতে, দৰাচলতে সিহঁতৰ মাজৰ অধিকাংশৰে কাণ্ডজ্ঞান নাই।

وَلَوْ أَنَّهُمْ صَبَرُوا۟ حَتَّىٰ تَخْرُجَ إِلَيْهِمْ لَكَانَ خَيْرًۭا لَّهُمْ ۚ وَٱللَّهُ غَفُورٌۭ رَّحِيمٌۭ ﴿٥﴾

হে ৰাছু ল! আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতা এই লোকসকলে যদি ধৈৰ্য্য ধৰিলেহেঁ তেন, তথা এইদৰে নামাতি তেওঁ লোকে যদি তেওঁ ওলাই নহালৈকে অপেক্ষা কৰিলেহেঁ তেন, লগতে নিম্ন স্বৰে তেওঁৰ সৈতে কথা পাতিলেহেঁ তেন তেন্তে ঘৰৰ পিছফালৰ পৰা চিঞৰি চিঞৰি মাতাতকৈ এইটো তেওঁ লোকৰ পক্ষে ভাল আছিল, কিয় নো ইয়াৰ মাজত আছে সন্মান তথা মৰ্যাদা। তেওঁ লোকৰ মাজৰ পৰা আৰু তেওঁ লোকৰ বাহিৰে অন্যান্য লোকসকলৰ মাজৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি আল্লাহ অত্যন্ত ক্ষমাশীল। তেওঁলোকৰ প্ৰতিও ক্ষমাশীল, কাৰণ তেওঁলোকে অজানিতে এইটোকৰিছে,লগতে তেওঁ লোকৰপ্ৰ তি আল্লাহ অতি কৃ পাৱান।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن جَآءَكُمْ فَاسِقٌۢ بِنَبَإٍۢ فَتَبَيَّنُوٓا۟ أَن تُصِيبُوا۟ قَوْمًۢا بِجَهَـٰلَةٍۢ فَتُصْبِحُوا۟ عَلَىٰ مَا فَعَلْتُمْ نَـٰدِمِينَ ﴿٦﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! যদি কোনো দূৰাচাৰী ব্যক্তিয়ে তোমালোকৰ ওচৰলৈ কোনো সম্প্ৰ দায় ৰ বিষয়ে সংবাদ লৈ আহে, তেন্তে তৎক্ষণাত সেইটো মানি লোৱাৰ বিপৰীতে তোমালোকে সেই বিষয়ে সঁচা মিছা পৰখ কৰিবা, কিয় নো যদি তোমালোকে সত্যতা পৰখ নকৰাকৈ অজানিতে কোনো সম্প্ৰ দায় ৰ ওপৰত আক্ৰ মণ কৰা তথা পিছত যদি প্ৰকৃ ত স্বৰূপ প্ৰকাশ পায় , তেনে অৱস্থাত তোমালোকে নিজেই অনু তপ্ত হ’বা। بلغ আল-কোৰআন · তাফছীৰ

وَٱعْلَمُوٓا۟ أَنَّ فِيكُمْ رَسُولَ ٱللَّهِ ۚ لَوْ يُطِيعُكُمْ فِى كَثِيرٍۢ مِّنَ ٱلْأَمْرِ لَعَنِتُّمْ وَلَـٰكِنَّ ٱللَّهَ حَبَّبَ إِلَيْكُمُ ٱلْإِيمَـٰنَ وَزَيَّنَهُۥ فِى قُلُوبِكُمْ وَكَرَّهَ إِلَيْكُمُ ٱلْكُفْرَ وَٱلْفُسُوقَ وَٱلْعِصْيَانَ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلرَّٰشِدُونَ ﴿٧﴾

হে মুমিনসকল! জানি থোৱা, নিশ্চয় তোমালোকৰ মাজত আল্লাহৰ ৰাছু ল উপস্থি ত আছে আৰু তেওঁৰ ওপৰত অহী অৱতীৰ্ণ হয় । গতিকে মিছা কথা নক’বা, অন্যথা অহীৰ মাধ্যমত তোমালোকৰ সেই মিছা কথাৰ বিষয়ে তেওঁক অৱগত কৰা হ’ব। নিশ্চয় আল্লাহে তোমালোকৰ হিত সম্পৰ্কে ভালকৈ অৱগত। যদি তেওঁ তোমালোকৰঅধিকাংশ প্ৰতাৱবোৰস্ গ্ৰহণ কৰেতেন্তে তোমালোকেই বিপদত পৰিবা,আৰুইয়াৰফলত উদ্ভৱহ’বলগীয়াসেই কঠি ন পৰিস্থি তিবোৰ তেওঁ তোমালোকৰ বাবে পছন্দ নকৰে। কিন্তু এইটো আল্লাহৰ অনুগ্ৰ হ যে, তেওঁ তোমালোকৰ বাবে ঈমানক পছন্দ নীয় কৰিছে আৰু তোমালোকৰ অন্ত ৰত ইয়াক শোভনীয় কৰি দিছে, সেইকাৰণেই তোমালোকে ঈমান আনিছা। পক্ষান্ত ৰে কু ফৰী, অৱজ্ঞা, আৰু গুনাহক তোমালোকৰ বাবেঅপ্ৰি য় কৰিদিছে। এনেকু ৱাবৈশিষ্ট্যৰঅধিকাৰীলোকসকলেই হৈছে হিদায় ত তথাসঠি ক পথৰপথচাৰী।

فَضْلًۭا مِّنَ ٱللَّهِ وَنِعْمَةًۭ ۚ وَٱللَّهُ عَلِيمٌ حَكِيمٌۭ ﴿٨﴾

তোমালোকে যি যি লাভ কৰিছা, উদাহৰণস্বৰূপে- তোমালোকৰবাবেকল্যাণ হৈছে প্ৰি য় আৰুঅকল্যাণ হৈছে অপ্ৰি য় ইত্যাদি, এইবোৰহৈছে দৰাচলতে তোমালোকৰ ওপৰত কৰা আল্লাহৰ এক প্ৰকাৰ অনু গ্ৰহ, লগতে তোমালোকক ইয়াৰ বাহিৰেও বহুতো নিয়ামত দান কৰিছে। আল্লাহে তেওঁ ৰ সেইসকল বান্দাৰ বিষয়ে ভালকৈয়ে জানে, যিসকলে তেওঁৰ কৃ তজ্ঞতা জ্ঞাপন কৰে, সেইকাৰণেই তেওঁ তেওঁলোকক ইয়াৰ তাওফীক প্ৰদান কৰে। লগতে তেওঁ হৈছে মহাপ্ৰ জ্ঞাৱান,সেইকাৰণেই তেওঁ প্ৰত্যেকবস্তু কেউপযুক্ত ঠাইত স্থান দিয়ে ।

وَإِن طَآئِفَتَانِ مِنَ ٱلْمُؤْمِنِينَ ٱقْتَتَلُوا۟ فَأَصْلِحُوا۟ بَيْنَهُمَا ۖ فَإِنۢ بَغَتْ إِحْدَىٰهُمَا عَلَى ٱلْأُخْرَىٰ فَقَـٰتِلُوا۟ ٱلَّتِى تَبْغِى حَتَّىٰ تَفِىٓءَ إِلَىٰٓ أَمْرِ ٱللَّهِ ۚ فَإِن فَآءَتْ فَأَصْلِحُوا۟ بَيْنَهُمَا بِٱلْعَدْلِ وَأَقْسِطُوٓا۟ ۖ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُقْسِطِينَ ﴿٩﴾

ء ه যদি মুমিনসকলৰ দুটা ফৈদে পৰস্পৰে কাজিয়াত লিপ্ত হয় , তেন্তে হে মুমিনসকল! তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবা। আল্লাহৰ চৰীয় তক নিৰ্ণায় ক ভূমিকাত ৰাখি দুয়ো দলকে ইয়াৰ প্ৰতি আহ্বান কৰা। দুয়ো দলৰ কোনো এটা দলে যদি মীমাংসাত বহিবলৈ অস্বীকাৰ কৰে তথা সীমালঙ্ঘন কৰে তেন্তে সেই দলৰ বিৰুদ্ধে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁ তে আল্লাহৰ বিধানৰ পিনে উভতি নাহে। যদি সিহঁ তে আল্লাহৰ বিধানৰ প্ৰতি উভতি আহে তেন্তে সিহঁ তৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিয়া। লগতে সিহঁ তৰ মাজত মীমাংসা কৰাৰ সময় ত নৈতিকভাৱে মীমাংসা কৰিবা। নিশ্চয় আল্লাহে ন্যায় সহকাৰে মীমাংসা কৰা ব্যক্তি সকলক ভাল পায় ।

إِنَّمَا ٱلْمُؤْمِنُونَ إِخْوَةٌۭ فَأَصْلِحُوا۟ بَيْنَ أَخَوَيْكُمْ ۚ وَٱتَّقُوا۟ ٱللَّهَ لَعَلَّكُمْ تُرْحَمُونَ ﴿١٠﴾

মুমিনসকল হৈছে পৰস্পৰে ভাই ভাই। হে মুমিনসকল! ইছলামী ভাতৃ ত্বৰ দাবী হৈছে যে, তোমালোকে ভাতৃ সকলৰ মাজৰ দুটা বিবদমানপক্ষৰ মাজত মীমাংসা কৰি দিয়া। লগতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। যাতে তোমালোকৰপ্ৰ তি কৃ পাকৰাহয় ।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا يَسْخَرْ قَوْمٌۭ مِّن قَوْمٍ عَسَىٰٓ أَن يَكُونُوا۟ خَيْرًۭا مِّنْهُمْ وَلَا نِسَآءٌۭ مِّن نِّسَآءٍ عَسَىٰٓ أَن يَكُنَّ خَيْرًۭا مِّنْهُنَّ ۖ وَلَا تَلْمِزُوٓا۟ أَنفُسَكُمْ وَلَا تَنَابَزُوا۟ بِٱلْأَلْقَـٰبِ ۖ بِئْسَ ٱلِٱسْمُ ٱلْفُسُوقُ بَعْدَ ٱلْإِيمَـٰنِ ۚ وَمَن لَّمْ يَتُبْ فَأُو۟لَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ ﴿١١﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰ চৰীয় ত মু তাবিক আমলকাৰীসকল! তোমালোকৰ মাজৰ কোনো পুৰুষেই অন্য পুৰুষৰ উপহাস কৰা উচিত নহয় , সম্ভ ৱতঃযাক উপহাস কৰা হৈছে তেওঁ আল্লাহৰওচৰত উপহাসকাৰীসকলতকৈ উত্তম। তথা ফয় চালাও সেই জ্ঞান অনুসাৰেই হ’বযিটো আল্লাহৰ ওচৰত আছে। এইদৰে কোনো নাৰীয়ে ও আন কোনো নাৰীক উপহাস কৰা উচিত নহয় , কিয় নো যাক উপহাস কৰা হয় , সম্ভ ৱতঃ তেওঁ আল্লাহৰ দৃষ্টি ত উপহাসকাৰিণী বিলাকতকৈও উত্তম। এইদৰে তোমালোকে নিজৰ ভাতৃ সকলকো তিৰস্কাৰ নকৰিবা, কাৰণ তেওঁ লোক তোমালোকৰেই শ্ৰে ণীভুক্ত। লগতে তোমালোকে ইজনে সিজনক বেয়া উপাধিৰে নামাতিবা, যিদৰে আনচাৰসকলৰ কিছুমানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণৰপূৰ্বে মাতিছিল। তোমালোকৰমাজৰযিয়ে এনেকু ৱাকৰিব,সি ফাছিক্ব বুলি বিবেচিত হ’ব। ঈমান পোষণ কৰাৰপিছত ফাছিক্ব ৰবৈশিষ্ট্যগাত بلغ আল-কোৰআন · তাফছীৰ লৈ ফু ৰাটো হৈছে অতি ঘৃণনীয় বৈশিষ্ট্য। যিসকলে এনেকু ৱা গুনাহৰপৰা তাওবা নকৰে, প্ৰকৃ ততে সেইসকলে নিজেই নিজৰক্ষতি কৰে, কাৰণ সিহঁ তে গুনাহৰকামত লিপ্ত হৈ নিজকে ধ্বংসৰগৰালত ঠেলি দিছে।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱجْتَنِبُوا۟ كَثِيرًۭا مِّنَ ٱلظَّنِّ إِنَّ بَعْضَ ٱلظَّنِّ إِثْمٌۭ ۖ وَلَا تَجَسَّسُوا۟ وَلَا يَغْتَب بَّعْضُكُم بَعْضًا ۚ أَيُحِبُّ أَحَدُكُمْ أَن يَأْكُلَ لَحْمَ أَخِيهِ مَيْتًۭا فَكَرِهْتُمُوهُ ۚ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ تَوَّابٌۭ رَّحِيمٌۭ ﴿١٢﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! তোমালোকে ভিত্তিহীন অভিযোগসমূহৰ পৰা বিৰত থাকা। নিশ্চিতভাৱে কিছুমান সন্দে হ হৈছে গুনাহৰ অন্ত ৰ্ভু ক্ত। উদাহৰণস্বৰূপে এনেকু ৱা কোনো ব্যক্তিৰ বিষয়ে অনৰ্থক সন্দে হ পোষণ কৰা, যিজন ব্যক্তি প্ৰকাশ্যভাৱে ভাল মানু হ বুলি পৰিচিত। লগতে গোপনে মু মিনসকলৰ দোষ-ত্ৰুটি খুচৰি নু ফু ৰিবা। এইদৰে তোমালোকে মু ছলিম ভাতৃ ৰ বিষয়ে এনেকু ৱা কথা নক’বা, যিটো তেওঁ অপছন্দ কৰে। কাৰণ এনেকু ৱা অপছন্দনীয় সমালোচনায় , মৃত ভাতৃৰ মাংস ভক্ষণ কৰা বুজায় । তোমালোকৰ মাজৰ কোনোবাই নিজৰ মৃত ভাতৃৰ মাংস ভক্ষণ কৰাটোক পছন্দ কৰিবনে? যিহেতু তোমালোকে এইটো পছন্দ নকৰা, গতিকে ঠি ক সেইদৰে তেওঁৰ সমালোচনাৰ পৰাও বিৰত থাকা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবূল কৰে আৰু তেওঁ লোকৰ প্ৰতি দয়া কৰে।

يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّا خَلَقْنَـٰكُم مِّن ذَكَرٍۢ وَأُنثَىٰ وَجَعَلْنَـٰكُمْ شُعُوبًۭا وَقَبَآئِلَ لِتَعَارَفُوٓا۟ ۚ إِنَّ أَكْرَمَكُمْ عِندَ ٱللَّهِ أَتْقَىٰكُمْ ۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرٌۭ ﴿١٣﴾

হে মানৱজাতি! নিশ্চয় আমি তোমালোকক এজন পুৰুষ অৰ্থাৎ তোমালোকৰ আদি পিতা আদম আলাইহিচ্ছালাম আৰু এজনী নাৰী অৰ্থাৎ তোমালোকৰ মাতৃ হাৱা আলাইহাচ্ছালামৰ পৰা সৃষ্টি কৰিছোঁ। এই হিচাপত তোমালোকৰ বংশ হৈছে এটাই। গতিকে বংশক কেন্দ্ৰ কৰি তোমালোকে ইজনে সিজনৰ প্ৰতি অহংকাৰ নকৰিবা। ইয়াৰ পিছত আমি তোমালোকক বহুতো জাতি আৰু সিঁচৰতি গোত্ৰসমূহত পৰিণত কৰিছোঁ, যাতে তোমালোকে ইজনে সিজনক চিনি পোৱাত সহজ হয়। এইবোৰকলৈ অহংকাৰ কৰাৰ কোনো অৱকাশ নাই। কাৰণ উচ্চ স্থান কেৱল তাক্ব ৱাৰ জৰিয় তেহে লাভ হয় । সেইকাৰণেই আল্লাহে কৈছেঃনিশ্চয় আল্লাহৰদৃষ্টি ত তোমালোকৰমাজৰসেইজন ব্যক্তি আটাইতকৈ বেছি মৰ্যাদাশীল, যিয়ে তেওঁ ক অধিক ভয় কৰে। নিঃসন্দে হে আল্লাহ তোমালোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। তোমালোকৰ সম্পূৰ্ণতা আৰু অপূৰ্ণতা সম্পৰ্কে ও অৱগত। তেওঁ ৰ পৰাএকোৱেই গোপন নহয় ।

۞ قَالَتِ ٱلْأَعْرَابُ ءَامَنَّا ۖ قُل لَّمْ تُؤْمِنُوا۟ وَلَـٰكِن قُولُوٓا۟ أَسْلَمْنَا وَلَمَّا يَدْخُلِ ٱلْإِيمَـٰنُ فِى قُلُوبِكُمْ ۖ وَإِن تُطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ لَا يَلِتْكُم مِّنْ أَعْمَـٰلِكُمْ شَيْـًٔا ۚ إِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌ ﴿١٤﴾

কিছুমান বেদুইনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক’লেঃ “আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছোঁ”। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ “তোমালোকে ঈমান পোষণ কৰা নাই। বৰং তোমালোকে এনেকৈ কোৱা যে, আমি আত্মসমৰ্পন কৰিছোঁ আৰু আনুগত্যকাৰী হৈছোঁ। দৰাচলতে এতিয়ালৈকে তোমালোকৰঅন্ত ৰত ঈমান প্ৰৱেশ কৰা নাই। যদিও আশা কৰা যায় যে, ঈমান প্ৰৱেশ কৰিব। হে মৰুবাসীসকল! যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰি তেওঁলোকৰ আনুগত্য কৰা আৰু সৎকৰ্ম কৰা, লগতে নিষিদ্ধ বস্তু বোৰৰ পৰা বিৰত থাকা, তেন্তে আল্লাহে কেতিয়াও তোমালোকৰ আমলৰ ছোৱাব হ্ৰাস নকৰিব। নিশ্চয় আল্লাহ তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁ লোকৰ প্ৰতি কৃ পাৱান”।

إِنَّمَا ٱلْمُؤْمِنُونَ ٱلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ ثُمَّ لَمْ يَرْتَابُوا۟ وَجَـٰهَدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ فِى سَبِيلِ ٱللَّهِ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلصَّـٰدِقُونَ ﴿١٥﴾

প্ৰকৃ ত মু মিন হৈছে সেইসকল লোক,যিসকলে আল্লাহ আৰুতেওঁ ৰৰাছু লৰপ্ৰ তি ঈমান আনিছে আৰুসেই ঈমানৰলগত কেতিয়াও সন্দে হ মিশ্ৰি ত কৰা নাই, লগতে নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ জৰিয় তে আল্লাহৰ পথত যুদ্ধ কৰিছে, এইক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কৃ পণালি কৰা নাই। এনেকু ৱা বৈশিষ্ট্যৰঅধিকাৰীলোকসকলেই হৈছে প্ৰকৃ ত মু মিন। بلغ আল-কোৰআন · তাফছীৰ

قُلْ أَتُعَلِّمُونَ ٱللَّهَ بِدِينِكُمْ وَٱللَّهُ يَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمٌۭ ﴿١٦﴾

হে ৰাছু ল! আপুনি এই বেদুইনসকলক কৈ দিয় কঃ তোমালোকে আল্লাহক নিজৰ দ্বীন সম্পৰ্কে অৱগত কৰোৱাই আছা নেকি তথা তেওঁক এই বিষয়ে উপলব্ধি কৰোৱাই আছা নেকি? অথচ আল্লাহে আকাশমণ্ডলত যি আছে সেই বিষয়ে ও জানে আৰু পৃথিৱীত যি আছে সেইবোৰৰ বিষয়ে ও জানে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয় । গতিকে তেওঁক তোমালোকৰ ধৰ্ম সম্পৰ্কে অৱগত কৰোৱাৰ কোনো আৱশ্যকতা নাই।

يَمُنُّونَ عَلَيْكَ أَنْ أَسْلَمُوا۟ ۖ قُل لَّا تَمُنُّوا۟ عَلَىَّ إِسْلَـٰمَكُم ۖ بَلِ ٱللَّهُ يَمُنُّ عَلَيْكُمْ أَنْ هَدَىٰكُمْ لِلْإِيمَـٰنِ إِن كُنتُمْ صَـٰدِقِينَ ﴿١٧﴾

হে ৰাছু ল! বেদুইনসকলে ইছলাম গ্ৰহণ কৰি আপোনাক উপকাৰ কৰা বুলি নিজকে প্ৰকাশ কৰি আছে। আপুনি সিহঁ তক কৈ দিয় কঃ তোমালোকে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা। কাৰণ ইয়াৰ দ্বাৰা উপকৃ ত হ’লে, সেই প্ৰতিফল তোমালোকেই লাভ কৰিবা। বৰং আল্লাহেই তোমালোকক ঈমানৰতাওফীক প্ৰদান কৰিতোমালোকক ধন্যকৰিছে। যদিহে তোমালোকে সঁচাই ইছলামত প্ৰৱেশ কৰিছা।

إِنَّ ٱللَّهَ يَعْلَمُ غَيْبَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَٱللَّهُ بَصِيرٌۢ بِمَا تَعْمَلُونَ ﴿١٨﴾

নিশ্চয় আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীৰগোপন ৰহস্য সম্পৰ্কে অৱগত। এইবোৰৰএকোৱেই তেওঁৰপৰা গোপন নহয় । আল্লাহে তোমালোকৰ সকলোকৰ্ম চাই আছে। তোমালোকৰকোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক ভাল বেয়াপ্ৰ তিফল দান কৰিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Hujuraat — الحجرات

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা