ٱلْحَمْدُ لِلَّهِ ٱلَّذِىٓ أَنزَلَ عَلَىٰ عَبْدِهِ ٱلْكِتَـٰبَ وَلَمْ يَجْعَل لَّهُۥ عِوَجَا ۜ ﴿١﴾
সকলো পৰিপূৰ্ণ আৰু মহিমান্বি ত গুণাৱলীসমূ হ তথা প্ৰকাশ্য আৰু অপ্ৰ কাশ্য নিয়ামতসমূ হৰ প্ৰশংসা এককভাৱে কেৱল সেই আল্লাহৰ বাবেই নিৰ্দিষ্ট , যি সত্ত্বাই তেওঁ ৰবান্দা তথা ৰাছু ল মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰপ্ৰ তি কোৰআন অৱতীৰ্ণ কৰিছে। এই কোৰআনত কোনো ধৰণৰবক্ৰ তা নাই, তথা সত্যৰ পৰা দূৰ হোৱাৰো কোনো অৱকাশ নাই।
قَيِّمًۭا لِّيُنذِرَ بَأْسًۭا شَدِيدًۭا مِّن لَّدُنْهُ وَيُبَشِّرَ ٱلْمُؤْمِنِينَ ٱلَّذِينَ يَعْمَلُونَ ٱلصَّـٰلِحَـٰتِ أَنَّ لَهُمْ أَجْرًا حَسَنًۭا ﴿٢﴾
বৰং ইয়াক সহজ সৰল বনাইছে, ইয়াত কোনো বিভেদ তথা অন্ত ৰ্বিৰোধ নাই। যাতে ই কাফিৰসকলক আল্লাহৰ সেই শাস্তি ৰ পৰা ভয় দেখুৱায় , যাৰ বাবে সিহঁ তে অপেক্ষা কৰি আছে। লগতে সৎকৰ্মশীল মুমিনসকলক যাতে সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে আনন্দ দায় ক উত্তম প্ৰতিদান, যাৰ মোকাবিলাত আন কোনোপ্ৰ তিদান নাই। م كثين فيه أبدا
مَّـٰكِثِينَ فِيهِ أَبَدًۭا ﴿٣﴾
তেওঁ লোকে চিৰকাল সেই প্ৰতিদানৰমাজতেই থাকিব,সেই প্ৰতিদান কেতিয়াও বিচ্ছিন্ন নহ'ব।
وَيُنذِرَ ٱلَّذِينَ قَالُوا۟ ٱتَّخَذَ ٱللَّهُ وَلَدًۭا ﴿٤﴾
লগতে যাতে ইয়াহুদী, খৃষ্টান আৰু সেইসকল মু শ্বৰিকক সাৱধান কৰিবপাৰে, যিসকলে কয় যে, আল্লাহে সন্তান গ্ৰহণ কৰিছে।
مَّا لَهُم بِهِۦ مِنْ عِلْمٍۢ وَلَا لِـَٔابَآئِهِمْ ۚ كَبُرَتْ كَلِمَةًۭ تَخْرُجُ مِنْ أَفْوَٰهِهِمْ ۚ إِن يَقُولُونَ إِلَّا كَذِبًۭا ﴿٥﴾
আল্লাহৰ সন্তান থকা বুলি দাবী কৰা মিছলীয়াসকলৰ ওচৰত কোনো জ্ঞান নাই তথা উপযুক্ত কোনো প্ৰমাণ নাই। আনকি সিহঁ তৰ পিতৃ পুৰুষসকলৰ ওচৰতো কোনো জ্ঞান নাছিল যে, সেই জ্ঞানৰ অনু সৰণ কৰিব। এনেকু ৱা বাক্য উচ্চাৰণ কৰাটো হৈছে মহা অপৰাধ, যিবোৰ সিহঁ তে নু বুজাকৈ মু খেৰে মাতি আছে। সিহঁ তে কোৱা কথাষাৰ হৈছে গোকাট মিছা, ইয়াৰ কোনো তথ্য তথা ভিত্তি নাই।
فَلَعَلَّكَ بَـٰخِعٌۭ نَّفْسَكَ عَلَىٰٓ ءَاثَـٰرِهِمْ إِن لَّمْ يُؤْمِنُوا۟ بِهَـٰذَا ٱلْحَدِيثِ أَسَفًا ﴿٦﴾
হে ৰাছু ল! এনেকু ৱালাগি আছে,সিহঁ তে যদি এই কোৰআনৰপ্ৰ তি ঈমান পোষণ নকৰে,তেন্তে আপুনি দেখোন দুখ আৰুআক্ষেপত নিজৰেই প্ৰাণ হানি কৰিব। আপুনি দুখতথাআক্ষেপ নকৰিব। সিহঁ তক হিদায় ত দিয়াৰদায়ি ত্বআপোনাৰনহয় । আপোনাৰদায়ি ত্বহৈছে কেৱল বাৰ্তাপৌঁচাই দিয়াহে।
إِنَّا جَعَلْنَا مَا عَلَى ٱلْأَرْضِ زِينَةًۭ لَّهَا لِنَبْلُوَهُمْ أَيُّهُمْ أَحْسَنُ عَمَلًۭا ﴿٧﴾
পৃথিৱীৰ বুকু ত পোৱা সকলো বস্তু কে আমি ইয়াৰ সৌন্দ ৰ্যবনাই দিছোঁ, যাতে আমি সিহঁ তক পৰীক্ষা কৰিব পাৰোঁ, কোনে আল্লাহক সন্তু ষ্টকৰিবলৈ সৎকৰ্ম কৰেআৰুকোনে বেয়াকৰ্ম কৰে। যাতে আমি প্ৰত্যেককে উচিত প্ৰতিদান দিবপাৰোঁ। وإنا لجعلون ما عليها صعيدا جرزا
وَإِنَّا لَجَـٰعِلُونَ مَا عَلَيْهَا صَعِيدًۭا جُرُزًا ﴿٨﴾
পৃথিৱীৰ বুকু ত থকা সকলো সৃষ্টি কে আমি মাটি ত পৰিণত কৰিম, এনেকু ৱা ভূমিত পৰিণত কৰিম য’ত কোনো গছ-গছনি নাই। এইটো সেই সময় ত সংঘটি ত হ'ব, যেতিয়া পৃথিৱীত থকা মখলুকাতৰ অন্ত পৰিব। গতিকে ইয়াৰ পৰা শিক্ষা লোৱা উচিত। بلغ আল-কোৰআন · তাফছীৰ
أَمْ حَسِبْتَ أَنَّ أَصْحَـٰبَ ٱلْكَهْفِ وَٱلرَّقِيمِ كَانُوا۟ مِنْ ءَايَـٰتِنَا عَجَبًا ﴿٩﴾
হে ৰাছু ল! আপুনি আচহাবে কাহাফৰ ঘটনা আৰু তেওঁলোকৰ সেই ফলকখন, য’ত তেওঁলোকৰ নামসমূহ লিখা আছিল সেইবোৰক আমাৰ আচৰিত নিদৰ্শন বুলি গণ্য নকৰিব। বৰং ইয়াতকৈও আশ্চৰ্যজনক বস্তু আছে, যেনেঃ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি ।
إِذْ أَوَى ٱلْفِتْيَةُ إِلَى ٱلْكَهْفِ فَقَالُوا۟ رَبَّنَآ ءَاتِنَا مِن لَّدُنكَ رَحْمَةًۭ وَهَيِّئْ لَنَا مِنْ أَمْرِنَا رَشَدًۭا ﴿١٠﴾
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া কেইজনমান যুৱকে নিজৰ দ্বীন সম্পৰ্কে শংকিত হৈ গুহাত আশ্ৰ য় লোৱাৰ বাবে পলায় ন কৰিছিল। তেওঁলোকে প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে আমাৰ প্ৰতিপালক! তু মি আমাৰ প্ৰতি এনেকৈ দয়া কৰা, যাতে আমাৰ সকলো গুনাহ তু মি ক্ষমা কৰি দিয়া, আৰু আমাক আমাৰ শত্ৰুৰ পৰা ৰক্ষা কৰা, কাফিৰসকলৰ পৰা হিজৰত কৰাৰ পথ সহজ কৰি দিয়া, লগতে ঈমানৰ ক্ষেত্ৰত তু মি আমাক সঠি ক আৰু পোন পথ দেখুৱাই দিয়া।
فَضَرَبْنَا عَلَىٰٓ ءَاذَانِهِمْ فِى ٱلْكَهْفِ سِنِينَ عَدَدًۭا ﴿١١﴾
এতেকে যেতিয়া তেওঁলোকে গুহাত উপস্থি ত হৈ তাত আশ্ৰ য় ল'লে, তেতিয়া আমি তেওঁলোকৰ কাণত পৰ্দা পেলাই দিলোঁ, যাতে কোনো শব্দ শুনিব নোৱাৰে, লগতে অনেক বছৰলৈকে তেওঁ লোকক টোপনিগ্ৰ তস্ কৰিলোঁ।
ثُمَّ بَعَثْنَـٰهُمْ لِنَعْلَمَ أَىُّ ٱلْحِزْبَيْنِ أَحْصَىٰ لِمَا لَبِثُوٓا۟ أَمَدًۭا ﴿١٢﴾
দীৰ্ঘ টোপনিৰ পিছত আমি তেওঁ লোকক সজাগ কৰিলোঁ, এই কথা প্ৰকাশ কৰিবলৈ যে, তেওঁ লোকে অৱস্থান কৰা সময় সম্পৰ্কে মতভেদ কৰাৰ মাজত দুয়ো পক্ষৰ কোনটো পক্ষই অধিক মনত ৰাখিছে।
نَّحْنُ نَقُصُّ عَلَيْكَ نَبَأَهُم بِٱلْحَقِّ ۚ إِنَّهُمْ فِتْيَةٌ ءَامَنُوا۟ بِرَبِّهِمْ وَزِدْنَـٰهُمْ هُدًۭى ﴿١٣﴾
হে ৰাছুল! আমি আপোনাক প্ৰকৃত সত্যৰ সৈতে তেওঁলোকৰ বিষয়ে অৱগত কৰাম, য’ত কোনো সন্দে হ নাই। দৰাচলতে তেওঁলোক আছিল কেইজনমান উদীয় মান যুৱক, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁৰ আনুগত্য সহকাৰে সৎকৰ্ম কৰিছিল, সেয়ে আমি তেওঁ লোকৰ হিদায় ত আৰু সত্যৰ ওপৰত দৃঢ় তা বৃদ্ধি কৰি দিছিলোঁ।
وَرَبَطْنَا عَلَىٰ قُلُوبِهِمْ إِذْ قَامُوا۟ فَقَالُوا۟ رَبُّنَا رَبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ لَن نَّدْعُوَا۟ مِن دُونِهِۦٓ إِلَـٰهًۭا ۖ لَّقَدْ قُلْنَآ إِذًۭا شَطَطًا ﴿١٤﴾
شططا আমি তেওঁ লোকৰ অন্ত ৰক ঈমান, আৰু ইয়াৰ প্ৰতি দৃঢ় তা, লগতে হিজৰত কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰাৰ সাহস প্ৰদান কৰি শক্তি শালী কৰিছিলোঁ। যেতিয়া তেওঁ লোকে কাফিৰৰজাৰসন্মুখত থিয় হৈ এক আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰাৰকথা ঘোষণা কৰিকৈছিলঃআমি যি প্ৰতিপালকৰপ্ৰ তি ঈমান পোষণ কৰিছোঁ আৰু যাৰ আমি ইবাদত কৰোঁ, তেওঁ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। আমি তেওঁৰ বাহিৰে তথাকথিত মিছলীয়া উপাস্যবোৰৰ কেতিয়াও উপাসনা নকৰোঁ। যদি আমি তেওঁ ৰ বাহিৰে আন কাৰো ইবাদত কৰোঁ তেন্তে এয়া সত্যৰ পৰা বহু দূৰত অৱস্থি ত বেয়া কথা হ'ব।
هَـٰٓؤُلَآءِ قَوْمُنَا ٱتَّخَذُوا۟ مِن دُونِهِۦٓ ءَالِهَةًۭ ۖ لَّوْلَا يَأْتُونَ عَلَيْهِم بِسُلْطَـٰنٍۭ بَيِّنٍۢ ۖ فَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًۭا ﴿١٥﴾
তাৰ পিছত তেওঁ লোকে ইজনে সিজনক সম্বোধন কৰি ক'লেঃ এয়া হৈছে আমাৰ জাতিৰ লোকসকল, যিসকলে আল্লাহৰ বাহিৰে অতিৰিক্ত আন বহুতো উপাস্য বনাই লৈছে, যিবোৰৰ সিহঁ তে উপাসনা কৰে। যদিও সিহঁ তৰ ওচৰত এনেকু ৱা পূজা পাঠৰ কোনো স্পষ্ট প্ৰমাণ নাই। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায় কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মনেসজা মিছা অংশীদাৰ স্থাপন কৰে। بلغ আল-কোৰআন · তাফছীৰ
وَإِذِ ٱعْتَزَلْتُمُوهُمْ وَمَا يَعْبُدُونَ إِلَّا ٱللَّهَ فَأْوُۥٓا۟ إِلَى ٱلْكَهْفِ يَنشُرْ لَكُمْ رَبُّكُم مِّن رَّحْمَتِهِۦ وَيُهَيِّئْ لَكُم مِّنْ أَمْرِكُم مِّرْفَقًۭا ﴿١٦﴾
مرفقا যিহেতু তোমালোকে নিজ সম্প্ৰ দায় ৰ পৰা আঁতৰি আহিছা, লগতে আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সকলো উপাস্যক তোমালোকে পৰিত্যাগ কৰিছা, তথা তোমালোকে এক আল্লাহৰ বাহিৰে আন কোনো উপাস্যৰ ইবাদত নকৰা, সেয়ে হে এতিয়া তোমালোকে নিজৰ দ্বীন ৰক্ষা কৰি কোনো গুহাত আশ্ৰ য় লোৱাগৈ, য'ত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ দয়া তথা ৰহমত বিস্তাৰ কৰিব, আৰু সেই ৰহমতে তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব, লগতে তোমালোকৰ সম্প্ৰ দায় ৰ মাজত জীৱন-যাপনৰ বিকল্প হিচাপে সুবিধাজনক আৰু উপকাৰী উপায় সহজ কৰি দিব।
۞ وَتَرَى ٱلشَّمْسَ إِذَا طَلَعَت تَّزَٰوَرُ عَن كَهْفِهِمْ ذَاتَ ٱلْيَمِينِ وَإِذَا غَرَبَت تَّقْرِضُهُمْ ذَاتَ ٱلشِّمَالِ وَهُمْ فِى فَجْوَةٍۢ مِّنْهُ ۚ ذَٰلِكَ مِنْ ءَايَـٰتِ ٱللَّهِ ۗ مَن يَهْدِ ٱللَّهُ فَهُوَ ٱلْمُهْتَدِ ۖ وَمَن يُضْلِلْ فَلَن تَجِدَ لَهُۥ وَلِيًّۭا مُّرْشِدًۭا ﴿١٧﴾
ه ر ফলত তেওঁলোকে তেওঁলোকক দিয়া আদেশ পালন কৰিলে, আৰু আল্লাহে তেওঁলোকৰ চকু ত টোপনি ঢালি দিলে, আৰু তেওঁলোকক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিলে। (হে দৰ্শকসকল) সূৰ্য্য যেতিয়া পূৱ দিশত উদয় হয় তেতিয়া সূৰ্য্যৰ কিৰণ গুহাত প্ৰৱেশকাৰী সকলৰ সোঁফালেৰে পাৰ হয় , আনহাতে বেলি মাৰ যোৱাৰ সময় ত গুহাৰ বাওঁ ফালেৰে ফালৰি কাটি সূৰ্যাস্ত যায় , গতিকে গৰমে তেওঁ লোকক কষ্ট দিয়া নাছিল, তেওঁ লোকক স্থায়ী ছাঁত অৱস্থান কৰিছিল। প্ৰয়োজন অনুসাৰে তেওঁলোকে বতাহ পাইছিল। তেওঁলোকৰ লগত সংঘটি ত হোৱা এই সকলোবোৰ, যেনেঃ গুহাত অৱস্থান, তেওঁলোকৰ প্ৰতি টোপনিৰ পয়োভৰ, ৰ'দ নপৰা, প্ৰশস্ত ঠাই আৰু নিজ সম্প্ৰ দায় ৰ পৰা মুক্তি আদি হৈছে আল্লাহৰ আশ্চৰ্যজনক কৰ্ম, যিবোৰে তেওঁৰ অসীম ক্ষমতাৰপ্ৰ মাণ বহন কৰে। আল্লাহে যাক হিদায় তৰতাওফীক প্ৰদান কৰে,তেৱেঁই প্ৰকৃ ত হিদায় তপ্ৰাপ্ত । আনহাতে তেওঁ যাক এৰিদিয়ে তথা পথভ্ৰ ষ্টকৰে, আপুনি তাৰ বাবে হিদায় তৰ তাওফীক দিব পৰা অথবা পথ দেখুৱাব পৰা কোনো সহায় ক বিচাৰি নাপাব। কিয় নো হিদায় তৰ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ হাতত, তেওঁ ৰ বাহিৰে আন কাৰো হাততে নাই।
وَتَحْسَبُهُمْ أَيْقَاظًۭا وَهُمْ رُقُودٌۭ ۚ وَنُقَلِّبُهُمْ ذَاتَ ٱلْيَمِينِ وَذَاتَ ٱلشِّمَالِ ۖ وَكَلْبُهُم بَـٰسِطٌۭ ذِرَاعَيْهِ بِٱلْوَصِيدِ ۚ لَوِ ٱطَّلَعْتَ عَلَيْهِمْ لَوَلَّيْتَ مِنْهُمْ فِرَارًۭا وَلَمُلِئْتَ مِنْهُمْ رُعْبًۭا ﴿١٨﴾
عليهم لوليت منهم فرارا ولملئت منهم رعبا হে প্ৰত্যক্ষকাৰী! যিহেতু তেওঁলোকৰ চকু খোলা আছিল, সেয়ে তোমালোকে হয় তো তেওঁলোকক সজাগ থকা বুলি ভাবিলাহেঁ তেন। যদিও প্ৰকৃ ততে তেওঁলোক আছিল টোপনিত। আমি তেওঁলোকৰ কেতিয়াবা সোঁফালে কাতি সলাই দিছিলোঁ, আকৌ কেতিয়াবা বাওঁফালে, যাতে মাটি য়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায় , আৰু তেওঁলোকৰ কু কু ৰটো আগফালৰ দুয়ো ঠেং প্ৰসাৰিত কৰি গুহাৰ প্ৰৱেশদ্বাৰত শুই আছিল। যদি তু মি তেওঁলোকক ভুমুকি মাৰিচোৱাৰচেষ্টাকৰিলাহেঁ তেন তেন্তে ভয় তে দৌৰিপলালাহেঁ তেন,আৰুতোমাৰঅন্ত ৰভীত-সন্ত্ৰ তস্ হৈ পৰিলহেঁ তেন।
وَكَذَٰلِكَ بَعَثْنَـٰهُمْ لِيَتَسَآءَلُوا۟ بَيْنَهُمْ ۚ قَالَ قَآئِلٌۭ مِّنْهُمْ كَمْ لَبِثْتُمْ ۖ قَالُوا۟ لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍۢ ۚ قَالُوا۟ رَبُّكُمْ أَعْلَمُ بِمَا لَبِثْتُمْ فَٱبْعَثُوٓا۟ أَحَدَكُم بِوَرِقِكُمْ هَـٰذِهِۦٓ إِلَى ٱلْمَدِينَةِ فَلْيَنظُرْ أَيُّهَآ أَزْكَىٰ طَعَامًۭا فَلْيَأْتِكُم بِرِزْقٍۢ مِّنْهُ وَلْيَتَلَطَّفْ وَلَا يُشْعِرَنَّ بِكُمْ أَحَدًا ﴿١٩﴾
بكم أ حدا যিদৰে এই ক্ষেত্ৰত আমি আমাৰ অদ্ভু ত শক্তি প্ৰদৰ্শন কৰিছোঁ, যাৰ উল্লে খ আমি ইতিপূৰ্বে কৰিছোঁ, সেইদৰে আমি তেওঁ লোকক এটা দীৰ্ঘ সময় ৰ পিছত টোপনিৰ পৰা জগাই তু লিছিলোঁ, যাতে তেওঁ লোকে ইজনে সিজনক সুধিব পাৰে যে, তেওঁ লোকে কিমান দিন শুই আছিল। এতেকে তেওঁ লোকে ইজনে সিজনক সুধিলে, কোনোবাই ক'লেঃ আমি এদিন অথবা দিনৰ এটা অংশহে শুই কটাইছোঁ, আন কিছুমানে যিসকলে অনুমান কৰিব পৰা নাছিল তেওঁলোকে ক'লেঃ তোমালোকে কিমান দিন শুই আছিলা এইটো তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে এই বিষয় টোক তেওঁৰ ওচৰতেই অৰ্পন কৰা আৰু নিজৰ কামত মনোযোগ দিয়া। তোমালোকৰ মাজৰ কোনোবা এজনক এই মু দ্ৰাৰ সৈতে পৰিচিত চহৰলৈ প্ৰে ৰণ কৰা, যাতে তেওঁ পৱিত্ৰ খাদ্যদ্ৰ ৱ্যসন্ধান কৰি আনিব পাৰে। অহা যোৱা আৰু বজাৰ কৰাৰ সময় ত তেওঁ সাৱধান থকা উচিত তথা কৌশল অৱলম্বন কৰা উচিত, যাতে কোনেও আমাৰএই অৱস্থান সম্পৰ্কে অৱগত নহয় । অন্যথাডাঙৰক্ষতি হ'বপাৰে। بلغ আল-কোৰআন · তাফছীৰ
إِنَّهُمْ إِن يَظْهَرُوا۟ عَلَيْكُمْ يَرْجُمُوكُمْ أَوْ يُعِيدُوكُمْ فِى مِلَّتِهِمْ وَلَن تُفْلِحُوٓا۟ إِذًا أَبَدًۭا ﴿٢٠﴾
যদি তোমালোকৰ সম্প্ৰ দায়ে তোমালোকৰ খবৰ পাই যায় তথা তোমালোকৰ এই অৱস্থান সম্পৰ্কে যদি অৱগত হয় তেন্তে সিহঁ তে তোমালোকক শিল দলিয়াই মৃ ত্যুদণ্ড দিব, নাইবা সিহঁ তৰ বিভ্ৰান্ত ধৰ্মলৈ ধৰ্মান্ত ৰিত কৰিব, আল্লাহে সঠি ক দ্বীনৰ হিদায় ত দিয়াৰ পূৰ্বে যি ধৰ্মত তোমালোকে দীক্ষিত আছিলা। যদি তোমালোকে সেই বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে কেতিয়াও সফল হ'ব নোৱাৰিবা, এই পৃথিৱীতো নোৱাৰিবা আৰু আখিৰাততো সফল হ'ব নোৱাৰিবা। আল্লাহে হিদায় ত কৰা এই সত্য ধৰ্মক যদি তোমালোকে পৰিত্যাগ কৰা অথবা বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে তোমালোকে ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ'বা। ق
وَكَذَٰلِكَ أَعْثَرْنَا عَلَيْهِمْ لِيَعْلَمُوٓا۟ أَنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَأَنَّ ٱلسَّاعَةَ لَا رَيْبَ فِيهَآ إِذْ يَتَنَـٰزَعُونَ بَيْنَهُمْ أَمْرَهُمْ ۖ فَقَالُوا۟ ٱبْنُوا۟ عَلَيْهِم بُنْيَـٰنًۭا ۖ رَّبُّهُمْ أَعْلَمُ بِهِمْ ۚ قَالَ ٱلَّذِينَ غَلَبُوا۟ عَلَىٰٓ أَمْرِهِمْ لَنَتَّخِذَنَّ عَلَيْهِم مَّسْجِدًۭا ﴿٢١﴾
যিদৰে আমি তেওঁলোকৰ লগত বহুতো আশ্চৰ্যজনক কাম কৰিছোঁ, যেনেঃ বহুত বছৰলৈকে টোপনি প্ৰদান কৰা, তাৰ পিছত টোপনিৰ পৰা জগাই তোলা, ঠি ক সেইদৰে আমি নগৰৰ অধিবাসীসকলকো অৱগত কৰোৱাইছিলোঁ, যাতে তেওঁলোকে পতিয় ন যায় যে, আল্লাহে মুমিনসকলক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছে আৰুমৃত্যুৰপিছত পুনৰ্জীৱিত কৰাৰযি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য। নিশ্চিতভাৱেকিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দে হ নাই। এতেকে যেতিয়া গুহাত অৱস্থান কৰা লোকসকলৰ বিষয় টো উন্মোচন হ'ল আৰু তেওঁলোকৰ মৃত্যু হ'ল, তেতিয়া তেওঁলোকৰ পৰিচিত লোকসকলৰ মাজত এই বিষয় টোলৈ মতভেদ সৃষ্টি হ'ল যে, তেওঁ লোকৰ বিষয়ে কি কৰা উচিত? তেতিয়া কিছু সংখ্যক লোকে ক'লেঃ গুহাৰ দুৱাৰডলিত এটা অট্টালিকা নিৰ্মাণ কৰা হওক, ফলত এওঁ লোক অন্ত ৰালত থাকিব আৰু সুৰক্ষিত থাকিব। তেওঁ লোকৰ অৱস্থা সম্পৰ্কে তেওঁ লোকৰ প্ৰতিপালকেই অধিক অৱগত। এতেকে তেওঁলোকৰ অৱস্থাই প্ৰমাণ কৰে যে, তেওঁলোক আছিল আল্লাহৰ ওচৰত বিশেষ স্থানপ্ৰাপ্ত । আনহাতে উপস্থি ত লোকসকলৰ মাজত থকা প্ৰভাৱশালী লোকসকলে (যিসকলৰ ওচৰত কোনো জ্ঞান নাছিল তথা সঠি ক দাৱাতৰ অভাৱ আছিল) ক'লেঃ আমি এই স্থানত তেওঁলোকৰ সন্মানাৰ্থে তথা স্মৃতিৰ বাবে এখন মছজিদ নিৰ্মাণ কৰিম।
سَيَقُولُونَ ثَلَـٰثَةٌۭ رَّابِعُهُمْ كَلْبُهُمْ وَيَقُولُونَ خَمْسَةٌۭ سَادِسُهُمْ كَلْبُهُمْ رَجْمًۢا بِٱلْغَيْبِ ۖ وَيَقُولُونَ سَبْعَةٌۭ وَثَامِنُهُمْ كَلْبُهُمْ ۚ قُل رَّبِّىٓ أَعْلَمُ بِعِدَّتِهِم مَّا يَعْلَمُهُمْ إِلَّا قَلِيلٌۭ ۗ فَلَا تُمَارِ فِيهِمْ إِلَّا مِرَآءًۭ ظَـٰهِرًۭا وَلَا تَسْتَفْتِ فِيهِم مِّنْهُمْ أَحَدًۭا ﴿٢٢﴾
তেওঁলোকৰ ঘটনাক কেন্দ্ৰ কৰি কিছু মান লোকে অযথা মূৰ ঘমাই তেওঁলোকৰ সংখ্যা সম্পৰ্কে ক'ব যে, তেওঁলোক আছিল তিনিজন আৰু চতু ৰ্থটো আছিল তেওঁ লোকৰ কু কু ৰ। আন কিছু মান লোকে ক'বঃ তেওঁ লোক আছিল পাঁচজন আৰু ষষ্ঠ নং আছিল তেওঁ লোকৰ কু কু ৰ। দৰাচলতে এই দুয়োটা দলেই প্ৰমাণ নোহোৱাকৈ কেৱল শূণ্যত তীৰ বৰ্ষণ কৰি আছে। আনহাতে কিছু মান লোকে ক'ব যে, তেওঁলোক আছিল সাতজন আৰু অষ্ট ম আছিল তেওঁ লোকৰ কু কু ৰ। হে ৰাছু ল! আপুনি কৈ দিয় ক, তেওঁ লোকৰ সংখ্যা সম্পৰ্কে মোৰ প্ৰতিপালকেহে ভালদৰে জানে, সিহঁ তৰ মাজৰ কেৱল কিছু সংখ্যক লোকেহে তেওঁলোকৰসংখ্যা সম্পৰ্কে জানে যিসকলক আল্লাহে ইয়াৰজ্ঞান প্ৰদান কৰিছে। এতেকে আপুনি আহলে কিতাবঅথবা আন লোকসকলৰ লগত তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ অৱস্থা সম্পৰ্কীয় কোনো বিষয় তে গভীৰ আলোচনা নকৰি কেৱল থুলমুল বাদানুবাদ কৰিব। তেওঁলোকৰ বিষয়ে আপোনাক যি অহী কৰা হৈছে আপুনি কেৱল সেইখিনিতে ক্ষান্ত থাকক। তেওঁ লোকৰ বিষয়ে আন কাকো ইয়াৰ বিস্তাৰিত বৰ্ণনা সম্পৰ্কে সোধ- পোচ নকৰিব। কিয় নোসিহঁ ত ইয়াৰবাস্ত ৱজ্ঞান সম্পৰ্কে অৱগত নহয় । ولا تقولن لشاىءإنى فاعل ذلك غدا
وَلَا تَقُولَنَّ لِشَا۟ىْءٍ إِنِّى فَاعِلٌۭ ذَٰلِكَ غَدًا ﴿٢٣﴾
হে নবী! আপুনি ভৱিষ্যতে কৰিবলগীয়া কোনো কামৰ বিষয়ে এইদৰে নক'ব যে, এইটো মই কাইলৈ নিশ্চয় কৰিম। কিয় নো আপুনি নিশ্চিতভাৱে নাজানে যে, সেইটো আপুনি কাইলৈ কৰিব পাৰিব নে নাই। অথবা আপোনাৰ আৰু কামৰ মাজত কিবা ব্যাঘাত জন্মিব নে নাই। এইটো দৰাচলতে প্ৰত্যেক মু ছলিমৰবাবেদিশ নিৰ্দে শনা।
إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ وَٱذْكُر رَّبَّكَ إِذَا نَسِيتَ وَقُلْ عَسَىٰٓ أَن يَهْدِيَنِ رَبِّى لِأَقْرَبَ مِنْ هَـٰذَا رَشَدًۭا ﴿٢٤﴾
কিন্তু যদি আপুনি সেই কৰ্মটোক আল্লাহৰ ইচ্ছাৰ সৈতে সম্পৃক্ত কৰে তেন্তে এইদৰে ক'বঃ ইন শ্বা আল্লাহ (আল্লাহে ইচ্ছা কৰিলে) এইটো মই কাইলৈ কৰিম। আনহাতে যদি আপুনি এইটো ক’বলৈ পাহৰিযায় তেন্তে ইন শ্বা আল্লাহ বুলি আপোনাৰপ্ৰ তিপালকক স্মৰণ কৰিব। লগতে কওক, আশা কৰোঁ بلغ আল-কোৰআন · তাফছীৰ মোৰ প্ৰতিপালকে মোক এই কামত আৰু অধিক সঠি ক পথৰ তাওফীক প্ৰদান কৰিব।
وَلَبِثُوا۟ فِى كَهْفِهِمْ ثَلَـٰثَ مِا۟ئَةٍۢ سِنِينَ وَٱزْدَادُوا۟ تِسْعًۭا ﴿٢٥﴾
গুহাত অৱস্থানকাৰীলোকসকলে গুহাত তিনিশ ন বছৰঅৱস্থান কৰিছিল।
قُلِ ٱللَّهُ أَعْلَمُ بِمَا لَبِثُوا۟ ۖ لَهُۥ غَيْبُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ أَبْصِرْ بِهِۦ وَأَسْمِعْ ۚ مَا لَهُم مِّن دُونِهِۦ مِن وَلِىٍّۢ وَلَا يُشْرِكُ فِى حُكْمِهِۦٓ أَحَدًۭا ﴿٢٦﴾
হে ৰাছু ল! আপুনি কৈ দিয় ক, তেওঁলোকে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে। নিশ্চয় তেওঁ আমাক তেওঁলোকৰ অৱস্থান কাল সম্পৰ্কে অৱগত কৰাইছে। এতেকে পৱিত্ৰ আল্লাহৰ স্পষ্টীকৰণৰ পিছত আন কাৰো কথা গ্ৰহণযোগ্য নহয় । আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোগোপন বিষয় ৰসৃষ্টি আৰুসেই বিষয়ে জ্ঞান ৰখাৰএকমাত্ৰদায়ি ত্বহৈছে পৱিত্ৰমহান আল্লাহৰ। তেওঁ কিমান যে উত্তম দ্ৰষ্টা,যিয়ে প্ৰত্যেক বস্তু দেখে। আৰুকিমান যে উত্তম শ্ৰৱণকাৰী,যিয়ে প্ৰত্যেক বিষয় শ্ৰৱণ কৰে। তেওঁৰবাহিৰেআন কোনোসহায় ক নাই,যিয়ে তেওঁৰকৰ্মৰদায়ি ত্বপালন কৰিবপাৰিব। লগতে তেওঁ নিজৰৰাজত্ব ত কাকোঅংশীদাৰনকৰে। তেওঁ শাসনৰক্ষেত্ৰত একক তথাঅদ্বি তীয় ।
وَٱتْلُ مَآ أُوحِىَ إِلَيْكَ مِن كِتَابِ رَبِّكَ ۖ لَا مُبَدِّلَ لِكَلِمَـٰتِهِۦ وَلَن تَجِدَ مِن دُونِهِۦ مُلْتَحَدًۭا ﴿٢٧﴾
হে ৰাছু ল! আপোনাক কোৰআনৰ যিবোৰ আয়াত আল্লাহে অহী কৰিছে সেইবোৰ তিলাৱত কৰক আৰু সেইমতে আমল কৰক। তেওঁ ৰ বাণীক কোনেও পৰিবৰ্ত ন কৰিব নোৱাৰে। কিয় নো সেয়া পৰিপূৰ্ণৰূপে সত্য তথা ন্যায় ৰ ওপৰত প্ৰতিষ্ঠি ত। আপুনি সেই পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কোনো আশ্ৰ য় স্থলো বিচাৰি নাপাব। তথা লুকোৱাবলৈও কোনো ঠাই নাপাব।
وَٱصْبِرْ نَفْسَكَ مَعَ ٱلَّذِينَ يَدْعُونَ رَبَّهُم بِٱلْغَدَوٰةِ وَٱلْعَشِىِّ يُرِيدُونَ وَجْهَهُۥ ۖ وَلَا تَعْدُ عَيْنَاكَ عَنْهُمْ تُرِيدُ زِينَةَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَا تُطِعْ مَنْ أَغْفَلْنَا قَلْبَهُۥ عَن ذِكْرِنَا وَٱتَّبَعَ هَوَىٰهُ وَكَانَ أَمْرُهُۥ فُرُطًۭا ﴿٢٨﴾
ى আপুনি সেইসকল লোকৰ সংস্পৰ্শত থাকক যিসকলে নিষ্ঠাপূৰ্বকভাৱে পুৱা গধূলি নিজ প্ৰতিপালকক আহ্বান কৰে, ইবাদত কৰাৰ বাবে অথবা প্ৰাৰ্থনা কৰাৰ বাবে। আপুনি নেতৃ স্থানীয় আৰু ঐশৰ্যশীল ব্যক্তি সকলৰ বৈঠকত বহাৰ ইচ্ছাত এই লোকসকলক অৱহেলা নকৰিব। আপুনি সেইসকল লোকৰ অনুসৰণ নকৰিব যিসকলৰ অন্ত ৰত আমি মোহৰ লগাই আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ। সেই কাৰণেই সিহঁ তে আপোনাক আপোনাৰ বৈঠকৰ পৰা দৰিদ্ৰ সকলক আঁতৰাই ৰখাৰ নিৰ্দে শ দিয়ে আৰু সিহঁ তে নিজ প্ৰতিপালকৰ আনুগত্যৰ ওপৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণক প্ৰাধান্য দিয়ে । সিহঁ তৰআমল বিনষ্ট হৈ গৈছে।
وَقُلِ ٱلْحَقُّ مِن رَّبِّكُمْ ۖ فَمَن شَآءَ فَلْيُؤْمِن وَمَن شَآءَ فَلْيَكْفُرْ ۚ إِنَّآ أَعْتَدْنَا لِلظَّـٰلِمِينَ نَارًا أَحَاطَ بِهِمْ سُرَادِقُهَا ۚ وَإِن يَسْتَغِيثُوا۟ يُغَاثُوا۟ بِمَآءٍۢ كَٱلْمُهْلِ يَشْوِى ٱلْوُجُوهَ ۚ بِئْسَ ٱلشَّرَابُ وَسَآءَتْ مُرْتَفَقًا ﴿٢٩﴾
হে ৰাছু ল! আপুনি সেইসকল লোকক কৈ দিয় ক, যিসকলৰ অন্ত ৰ আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হৈ আছেঃ মই যি লৈ আহিছোঁ সেইটোৱে সত্য। সেইটো হৈছে আল্লাহৰ ফালৰ পৰা, মোৰ ফালৰ পৰা নহয় । মু মিনসকলক মোৰ বৈঠকৰ পৰা আঁতৰাই দিয়াৰ যি দাবী তোমালোকে উত্থাপন কৰিছা, সেই দাবীমই কদাপিও মানি ল’বনোৱাৰিম। এতেকে তোমালোকৰমাজৰযিয়ে এই সত্যৰপ্ৰ তি ঈমান আনিববিচাৰেসি ঈমান আনিবপাৰে। অনতিপলমে সি প্ৰতিদান পাই সন্তু ষ্টহ'ব। আনহাতে যিয়ে কু ফৰীকৰিববিচাৰে,সি কৰিবপাৰে। অতি সোনকালে সি শাস্তি ভোগ কৰিব,যি শাস্তি তাৰঅপেক্ষাত ৰৈ আছে। নিশ্চয় যালিমসকলৰ বাবে আমি জাহান্নাম প্ৰস্তু ত কৰি ৰাখিছোঁ, সেই জাহান্নামে সিহঁ তক পৰিবেষ্ট ন কৰি ৰাখিব। সিহঁ তে কেতিয়াও তাৰ পৰা পলায় ন কৰিব নোৱাৰিব। যদি তীব্ৰ পিয়াঁহত সিহঁতে পানী খাবলৈ বিচাৰে তেন্তে সিহঁতক উতলা গৰম পানী দিয়া হ'ব, যি পানীৰ গৰমত সিহঁতৰ মু খমণ্ডলৰছাল আদি খহি পৰিব। কিমান যে নিকৃ ষ্টসেই পানীয় , যিটো সিহঁ তক খাবলৈ দিয়া হ'ব। কিয় নো ইয়াৰফলত তৃ ষ্ণা নিবাৰণ হোৱাৰপৰিবৰ্তে আৰু অধিক বেছিহে হ'ব। লগতে সেই অগ্নিশিখাও নিৰ্বাপিত নহ'ব, যি শিখাই সিহঁ তৰ ছাল খহাই পেলাব। জাহান্নাম কিমান যে নিকৃ ষ্টঠি কনা, য’ত সিহঁ তে অৱস্থান কৰিব,আৰুকিমান যে নিকৃ ষ্টবাসস্থান,য’ত সিহঁ তে বসবাস কৰিব। بلغ আল-কোৰআন · তাফছীৰ
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ إِنَّا لَا نُضِيعُ أَجْرَ مَنْ أَحْسَنَ عَمَلًا ﴿٣٠﴾
নিঃসন্দে হে যিসকলে আল্লাহৰপ্ৰ তি ঈমান আনিছে আৰুসৎকৰ্ম কৰিছে,তেওঁ লোকৰবাবেআছে মহাপ্ৰ তিদান। এয়া নিশ্চিত যে,আমি কোনো উৎকৃ ষ্টনেক আমলকাৰীৰ আমল কেতিয়াও বিনষ্ট নকৰোঁ। বৰং কোনো ধৰণৰ হ্ৰাস নকৰাকৈ তেওঁ লোকক পৰিপূৰ্ণ প্ৰতিদান প্ৰদান কৰোঁ।
أُو۟لَـٰٓئِكَ لَهُمْ جَنَّـٰتُ عَدْنٍۢ تَجْرِى مِن تَحْتِهِمُ ٱلْأَنْهَـٰرُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِن ذَهَبٍۢ وَيَلْبَسُونَ ثِيَابًا خُضْرًۭا مِّن سُندُسٍۢ وَإِسْتَبْرَقٍۢ مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلْأَرَآئِكِ ۚ نِعْمَ ٱلثَّوَابُ وَحَسُنَتْ مُرْتَفَقًۭا ﴿٣١﴾
সৎকৰ্ম আৰু ঈমানৰ বিশেষণেৰে বিশেষিত লোকসকলৰ বাবেই জান্নাত প্ৰস্তু ত কৰি ৰখা হৈছে, তাত তেওঁ লোকে চিৰকাল অৱস্থান কৰিব। তেওঁ লোকৰ অট্টালিকাৰ তলদেশত জান্নাতৰ মিঠা পানীৰ নিজৰা প্ৰবাহমান থাকিব। তেওঁলোকক সোণৰ কংকনেৰে সুসজ্জিত কৰা হ'ব, লগতে তেওঁলোকে তাত মোটা আৰুপাতল ৰেচমৰদ্বাৰা নিৰ্মিত বস্ত্ৰ পৰিধান কৰিব। তেওঁলোকে অতি সৌন্দ ৰ্যশীল পৰ্দাৰেসুসজ্জিত আসনত আউজি বহিব। কিমান যে উত্তম প্ৰতিফল! যিটোতেওঁ লোকে লাভ কৰিব! আৰুজান্নাতৰসেই বাসস্থান,কিমান যে উত্তম বাসস্থান! য’ত তেওঁ লোকে বসবাস কৰিব!।
۞ وَٱضْرِبْ لَهُم مَّثَلًۭا رَّجُلَيْنِ جَعَلْنَا لِأَحَدِهِمَا جَنَّتَيْنِ مِنْ أَعْنَـٰبٍۢ وَحَفَفْنَـٰهُمَا بِنَخْلٍۢ وَجَعَلْنَا بَيْنَهُمَا زَرْعًۭا ﴿٣٢﴾
হে ৰাছু ল! আপুনি সেই ব্যক্তিদ্ব য় ৰ উদাহৰণ দাঙি ধৰক, এজন আছিল মুমিন আৰু আনজন আছিল কাফিৰ। আমি কাফিৰ ব্যক্তিজনক দুটা আঙুৰৰ বাগান প্ৰদান কৰিছিলোঁ। সেই দুয়োটা বাগানক আমি খেজুৰ গছেৰে পৰিবেষ্ট ন কৰি দিছিলোঁ আৰু মাজৰ খালি ঠাইত শস্য উৎপন্ন কৰিছিলোঁ।
كِلْتَا ٱلْجَنَّتَيْنِ ءَاتَتْ أُكُلَهَا وَلَمْ تَظْلِم مِّنْهُ شَيْـًۭٔا ۚ وَفَجَّرْنَا خِلَـٰلَهُمَا نَهَرًۭا ﴿٣٣﴾
উভয় বাগানতে খেজুৰ, আঙু ৰ আৰু শস্য আদি প্ৰচু ৰ পৰিমাণে উৎপন্ন হৈছিল, কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিল, বৰং পৰিপূৰ্ণ মাত্ৰাত উৎপাদন হৈছিল। উভয় বাগানৰমাজেৰেআমি এখন নিজৰাপ্ৰ বাহিত কৰিছিলোঁ,যাতে অতি সহজেই খেতিত পানীদিবপৰাযায় । وكان له ثمر فقال لصحبه وهو يحاوره أناأكثر منك مالا وأعز نفرا
وَكَانَ لَهُۥ ثَمَرٌۭ فَقَالَ لِصَـٰحِبِهِۦ وَهُوَ يُحَاوِرُهُۥٓ أَنَا۠ أَكْثَرُ مِنكَ مَالًۭا وَأَعَزُّ نَفَرًۭا ﴿٣٤﴾
এই দুটা বাগানৰ গৰাকীৰ ওচৰত আন আন ফল-মূ ল আৰু ধন-সম্পত্তিও আছিল। সেয়ে সেই ব্যক্তি জনে তেওঁ ৰ মু মিন বন্ধুক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে সম্বোধন কৰি ক'লেঃ মই তোমাতকৈ অধিক সম্পত্তিৰ মালিক। মোৰ সন্মানো তোমাতকৈ বেছি, লগতে মোৰ পৰিয়ালো অধিক শক্তি শালী।
وَدَخَلَ جَنَّتَهُۥ وَهُوَ ظَالِمٌۭ لِّنَفْسِهِۦ قَالَ مَآ أَظُنُّ أَن تَبِيدَ هَـٰذِهِۦٓ أَبَدًۭا ﴿٣٥﴾
সেই কাফিৰ ব্যক্তিজনে মুমিন বন্ধুজনক লগতলৈ নিজৰ বাগানত প্ৰৱেশ কৰিলে। সি তেওঁক বাগান দেখুৱাব বিচাৰিছিল, আৰু কু ফৰ তথা অহংকাৰৰ দ্বাৰানিজৰপ্ৰ তি অন্যায় কৰিআছিল। কাফিৰব্যক্তি জনে ক'লেঃমই ভাবোঁমোৰএই বাগানখন কেতিয়াওধ্বংস নহ'ব,যিখন তু মি চাই আছা। কিয় নো ইয়াক সুৰক্ষিত ৰখাৰ যাৱতীয় যা-যোগাৰ মই কৰি ৰাখিছোঁ।
وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةًۭ وَلَئِن رُّدِدتُّ إِلَىٰ رَبِّى لَأَجِدَنَّ خَيْرًۭا مِّنْهَا مُنقَلَبًۭا ﴿٣٦﴾
আনকি মই কিয়ামত হ'ববুলিও বিশ্বাস নকৰোঁ। এইটো হৈছে এক প্ৰকাৰজীৱনচক্ৰ , যিটো সদায় চলি থাকিব। আনহাতে যদি কিয়ামত হয় ও তথাপিও যেতিয়া মই পুনৰ্জীৱিত হ'ম আৰুমোক মোৰপ্ৰ তিপালকৰওচৰত উপস্থি ত কৰা হ'ব,সেই জীৱনতো মই ইয়াতকৈও উত্তম বাগান লাভ কৰিম। কিয় নো পৃথিৱীত ধনী হোৱাৰ অৰ্থ এই যে, আখিৰাততো মই ধনী হ'ম। بلغ আল-কোৰআন · তাফছীৰ
قَالَ لَهُۥ صَاحِبُهُۥ وَهُوَ يُحَاوِرُهُۥٓ أَكَفَرْتَ بِٱلَّذِى خَلَقَكَ مِن تُرَابٍۢ ثُمَّ مِن نُّطْفَةٍۢ ثُمَّ سَوَّىٰكَ رَجُلًۭا ﴿٣٧﴾
মু মিন বন্ধুজনে তাক উত্তৰ দি ক'লেঃ তু মি দেখোন সেই প্ৰতিপালকক অস্বীকাৰ কৰিলা, যিয়ে তোমাৰ পিতৃ আদমক মাটি ৰে সৃষ্টি কৰিছে, আৰু তোমাক সৃষ্টি কৰিছে বীৰ্যৰ পৰা, তাৰ পিছত তোমাক পুৰুষৰূপে মানৱ বনাইছে, তোমাৰ সকলো অঙ্গ-প্ৰত্যঙ্গ সঠি কভাৱে আৰু তোমাক পৰিপূৰ্ণৰূপে মানৱ আকৃ তি দান কৰিছে? এতেকে যিয়ে এই সকলোবোৰকৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমাক পুনৰজীৱিত কৰিবলৈও সক্ষম।
لَّـٰكِنَّا۠ هُوَ ٱللَّهُ رَبِّى وَلَآ أُشْرِكُ بِرَبِّىٓ أَحَدًۭا ﴿٣٨﴾
কিন্তু মই তোমাৰদৰেকেতিয়াও নকওঁ । বৰংমই কওঁ যে, পৱিত্ৰ আল্লাহ তেৱেঁই মোৰপ্ৰ তিপালক, তেৱেঁই আমাক বিভিন্ন নিয়ামত প্ৰদান কৰিউপকাৰ কৰিছে। তেওঁ ৰইবাদতত মই কাকো অংশীদাৰনকৰোঁ।
وَلَوْلَآ إِذْ دَخَلْتَ جَنَّتَكَ قُلْتَ مَا شَآءَ ٱللَّهُ لَا قُوَّةَ إِلَّا بِٱللَّهِ ۚ إِن تَرَنِ أَنَا۠ أَقَلَّ مِنكَ مَالًۭا وَوَلَدًۭا ﴿٣٩﴾
বাগানত প্ৰৱেশ কৰাৰ সময় ত তু মি এই কথা কিয় কোৱা নাছিলা যে, আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে হয় । আল্লাহৰ বাহিৰে আন কাৰো কোনো শক্তি নাই। তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁ মহাশক্তিশালী। যদি তু মি মোক তোমাতকৈ দৰিদ্ৰ আৰু কম সন্তান-সন্ত তিৰ অধিকাৰী বুলি ভাবি আছা
فَعَسَىٰ رَبِّىٓ أَن يُؤْتِيَنِ خَيْرًۭا مِّن جَنَّتِكَ وَيُرْسِلَ عَلَيْهَا حُسْبَانًۭا مِّنَ ٱلسَّمَآءِ فَتُصْبِحَ صَعِيدًۭا زَلَقًا ﴿٤٠﴾
তেন্তে শুনা, আল্লাহে মোক তোমাৰ বাগানতকৈ উত্তম বস্তু দান কৰিব পাৰে, আনহাতে মই আশংকা কৰোঁ তোমাৰ বাগানত আল্লাহে আকাশৰ পৰা কোনো শাস্তি প্ৰে ৰণ কৰিবপাৰে। তেনেকু ৱা হ'লে তোমাৰবাগান এনেকু ৱা ভূমিত পৰিণত হ'ব, য'ত কোনো গছ-গছনি নাথাকিবআৰুখোজকাঁঢ়ি লে ভৰি পিচল খাব।
أَوْ يُصْبِحَ مَآؤُهَا غَوْرًۭا فَلَن تَسْتَطِيعَ لَهُۥ طَلَبًۭا ﴿٤١﴾
অথবা ইয়াৰ পানী ইমান গভিৰলৈ গুচি যাব যে, তু মি কোনো উপায়ে ৰেই সেই পানী সংগ্ৰ হ কৰিব নোৱাৰিবা। এতেকে যদি পানী গভিৰলৈ গুচি যায় তেন্তে এই বাগান জীৱিত ৰখাঅসম্ভ ৱ।
وَأُحِيطَ بِثَمَرِهِۦ فَأَصْبَحَ يُقَلِّبُ كَفَّيْهِ عَلَىٰ مَآ أَنفَقَ فِيهَا وَهِىَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَيَقُولُ يَـٰلَيْتَنِى لَمْ أُشْرِكْ بِرَبِّىٓ أَحَدًۭا ﴿٤٢﴾
أ حدا মুমিন ব্যক্তিজনে আশংকা কৰাটোৱেঅৱশেষত সংঘটি ত হ'ল। ফলত সেই কাফিৰব্যক্তিজনৰফলৰবাগানক বিনাশে আৱৰিধৰিলে। ইপিনে কাফিৰ ব্যক্তি জনে তেওঁ ৰ বাগানক ৰক্ষাবেক্ষণ আৰু বিকাশৰ বাবে যি সম্পদ ব্যয় কৰিছিল তাৰ প্ৰতি পৰিতাপ কৰি মূ ৰে কপালে হাত দিলে। বাগানৰ গছ-গছনি আঙুৰৰ লতা পাৰি দিয়া চাঙৰ ওপৰত বাগৰি পৰিছিল। সি ক'বলৈ ধৰিলেঃ হায়! মই যদি এককভাৱে মোৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিলোঁহেঁ তেন, আৰু ইবাদতৰক্ষেত্ৰত তেওঁ ৰলগত যদি কাকো অংশীদাৰস্থাপন নকৰিলোঁহেঁ তেন।
وَلَمْ تَكُن لَّهُۥ فِئَةٌۭ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مُنتَصِرًا ﴿٤٣﴾
সেই কাফিৰৰ এনেকু ৱা কোনো জনবল নাছিল, যিয়ে তাক এই শাস্তি ৰ পৰা ৰক্ষা কৰিলেহেঁ তেন। যদিও সি নিজৰ জনবলকলৈ অহংকাৰ কৰিছিল। আনকি সি নিজেও আল্লাহৰ এই বিনাশৰ পৰা নিজৰ বাগানক ৰক্ষা কৰিব নোৱাৰিলে। بلغ আল-কোৰআন · তাফছীৰ
هُنَالِكَ ٱلْوَلَـٰيَةُ لِلَّهِ ٱلْحَقِّ ۚ هُوَ خَيْرٌۭ ثَوَابًۭا وَخَيْرٌ عُقْبًۭا ﴿٤٤﴾
সেই স্থানত সহায় কেৱল আল্লাহেই কৰিব পাৰিলেহেঁতেন। পৱিত্ৰ মহান আল্লাহ তেৱেঁই মুমিনসকলক উত্তম প্ৰতিদান দিয়ে। কাৰণ তেৱেঁই তেওঁ লোকক কেইবাগুণ বৃদ্ধি কৰিছোৱাবপ্ৰ দান কৰিব, আৰু তেৱেঁই তেওঁ লোকৰপৰিণাম উত্তম বনাই দিব।
وَٱضْرِبْ لَهُم مَّثَلَ ٱلْحَيَوٰةِ ٱلدُّنْيَا كَمَآءٍ أَنزَلْنَـٰهُ مِنَ ٱلسَّمَآءِ فَٱخْتَلَطَ بِهِۦ نَبَاتُ ٱلْأَرْضِ فَأَصْبَحَ هَشِيمًۭا تَذْرُوهُ ٱلرِّيَـٰحُ ۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ مُّقْتَدِرًا ﴿٤٥﴾
ى হে ৰাছু ল! পৃথিৱীৰ মোহত পৰি থকা লোকসকলক এটা উদাহৰণ দিয় ক। পৃথিৱীৰ ধ্বংস আৰু ইয়াৰ সোনকালে সমাপ্ত হোৱাৰ উদাহৰণ হৈছে, আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণৰ দৰে। বৰষুণৰ সেই পানীৰ দ্বাৰাই পৃথিৱীৰ উদ্ভিদ জন্মে আৰু বিভিন্ন প্ৰকাৰৰ ফল-মূ ল উৎপন্ন হয় । অৱশেষত এটা সময় ত সেই গছ-গছনি শুকাই খৰ-কু টাত পৰিণত হয় । বতাহে সেইবোৰগছৰডাল পাত বিভিন্ন ঠাইত উৰুৱাই লৈ যায় । এনেকু ৱাএটাসময় আহি পৰেযে,ভূ মি আকৌ আগৰ দৰে হৈ যায় , যিদৰে উদ্ভিদ গজালি মেলাৰ পূৰ্বে আছিল। আল্লাহ সকলো বিষয়ে ক্ষমতাৱান। তেওঁ ক একোৱেই অপাৰগ কৰিব নোৱাৰে। তেওঁ যাক ইচ্ছা কৰে জীৱন দান কৰে আৰু যাক ইচ্ছা কৰে ধ্বংস কৰে।
ٱلْمَالُ وَٱلْبَنُونَ زِينَةُ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَٱلْبَـٰقِيَـٰتُ ٱلصَّـٰلِحَـٰتُ خَيْرٌ عِندَ رَبِّكَ ثَوَابًۭا وَخَيْرٌ أَمَلًۭا ﴿٤٦﴾
ধন-সম্পদ আৰু সন্তান-সন্ত তি হৈছে পাৰ্থিৱ জীৱনৰ সৌন্দ ৰ্য। আখিৰাতত ধন-সম্পদৰ উপকাৰ সেই অনুপাতেই হ'ব যি অনুপাতে সি আল্লাহৰ সন্তু ষ্টি লাভৰ বাবে ব্যয় কৰিছে। সন্তু ষ্টি মূলক কথা আৰু কৰ্ম আল্লাহৰ দৃষ্টি ত পাৰ্থিৱ জীৱনৰ সকলো সৌন্দ ৰ্যতকৈ উত্তম। সেইটো অতি উত্তম, যিটো মানুহে কামনা কৰে। কিয় নো পাৰ্থিৱ জীৱনৰ সৌন্দ ৰ্যহৈছে ধ্বংসশীল, আনহাতে আল্লাহক সন্তু ষ্টকৰিব পৰা কথা কৰ্মৰ ছোৱাব হৈছে চিৰস্থায়ী।
وَيَوْمَ نُسَيِّرُ ٱلْجِبَالَ وَتَرَى ٱلْأَرْضَ بَارِزَةًۭ وَحَشَرْنَـٰهُمْ فَلَمْ نُغَادِرْ مِنْهُمْ أَحَدًۭا ﴿٤٧﴾
সেই দিনটোক স্মৰণ কৰা যেতিয়া আমি পৰ্বতবোৰক স্থানান্ত ৰ কৰিম। তেতিয়া তু মি পৃথিৱীখনক সমতল খালি ভূ মি ৰূপে দেখিবলৈ পাবা, তাত কোনো পৰ্বত নাথাকিব, কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰো নাথাকিব, আৰু সকলো সৃষ্টি কে একত্ৰিত কৰিম, কোনো প্ৰাণীকেই পুনৰুত্থিত নকৰাকৈ এৰি দিয়া ف নহ'ব।
وَعُرِضُوا۟ عَلَىٰ رَبِّكَ صَفًّۭا لَّقَدْ جِئْتُمُونَا كَمَا خَلَقْنَـٰكُمْ أَوَّلَ مَرَّةٍۭ ۚ بَلْ زَعَمْتُمْ أَلَّن نَّجْعَلَ لَكُم مَّوْعِدًۭا ﴿٤٨﴾
মানুহক আপোনাৰ প্ৰতিপালকৰ সন্মুখত শাৰী শাৰীকৈ থিয় কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব। সিহঁতক কোৱা হ'বঃ নিশ্চয় তোমালোকে মোৰ ওচৰলৈ অকলশৰীয়াভাৱে আহিছা, খালি ভৰি, বস্ত্ৰ হীন আৰু খাতনাহীনভাৱে, যেনেকৈ আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ। কিন্তু তোমালোকে দেখোন ধাৰণা কৰিছিলা যে, তোমালোকক কেতিয়াও পুনৰুত্থিত কৰা নহ'ব, আৰু আমি তোমালোকৰ বাবে কোনো সময় আৰু স্থান নিৰ্ধাৰিত নকৰিম, য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিয়া হ'ব।
وَوُضِعَ ٱلْكِتَـٰبُ فَتَرَى ٱلْمُجْرِمِينَ مُشْفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَـٰوَيْلَتَنَا مَالِ هَـٰذَا ٱلْكِتَـٰبِ لَا يُغَادِرُ صَغِيرَةًۭ وَلَا كَبِيرَةً إِلَّآ أَحْصَىٰهَا ۚ وَوَجَدُوا۟ مَا عَمِلُوا۟ حَاضِرًۭا ۗ وَلَا يَظْلِمُ رَبُّكَ أَحَدًۭا ﴿٤٩﴾
কৰ্মপুথি বা আমলনামা সন্মুখত ৰখা হ'ব। কিছুমানে নিজৰ কৰ্মপুথি সোঁহাতত ধাৰণ কৰিব আৰু কিছুমানে বাওঁ হাতত। হে মানৱ! কাফিৰসকল সেইদিনা ভীত-সন্ত্ৰ তস্ হৈ থাকিব,কাৰণ সিহঁ তে ভালদৰেই জানে যে,সিহঁ তে পৃথিৱীত কি কি গুনাহৰকাম আৰুকু ফৰী কৰিআহিছে। সিহঁ তে ক'বঃহায়! আমাৰ ধ্বংস আৰু হায় আমাৰ বিপদ! এইখন কেনেকু ৱা পুথি, য’ত আমাৰ সৰু বৰ সকলো কৰ্ম সংৰক্ষিত আৰু গণনা কৰি ৰখা হৈছে। সিহঁ তে পাৰ্থিৱ জীৱনত কৰা সকলো গুনাহ সেই পুথিত লিপিবদ্ধ পাব। হে ৰাছু ল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো নিৰ্দোষী ব্যক্তি ক দোষী সাব্যস্ত কৰি অথবা কোনো পুণ্যৱান ব্যক্তি ৰ ছোৱাব হ্ৰাস কৰি অন্যায় নকৰিব। بلغ আল-কোৰআন · তাফছীৰ
وَإِذْ قُلْنَا لِلْمَلَـٰٓئِكَةِ ٱسْجُدُوا۟ لِـَٔادَمَ فَسَجَدُوٓا۟ إِلَّآ إِبْلِيسَ كَانَ مِنَ ٱلْجِنِّ فَفَسَقَ عَنْ أَمْرِ رَبِّهِۦٓ ۗ أَفَتَتَّخِذُونَهُۥ وَذُرِّيَّتَهُۥٓ أَوْلِيَآءَ مِن دُونِى وَهُمْ لَكُمْ عَدُوٌّۢ ۚ بِئْسَ لِلظَّـٰلِمِينَ بَدَلًۭا ﴿٥٠﴾
স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁঃ তোমালোকে আদমক অভিবাদনমূলক ছাজদাহ কৰাঁ। তেতিয়া নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁলোক সকলোৱে ছাজদাহ কৰিছিল, কিন্তু ইবলিছে কৰা নাছিল। সি ফিৰিস্তা নাছিল বৰং জ্বি ন আছিল। সি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। এইদৰে সি নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গ'ল। হে মানৱজাতি! এতিয়া তোমালোকে মোক এৰি ইয়াক আৰু ইয়াৰ সন্তান-সন্ত তিক মিত্ৰ বনাই ল’বা নেকি, অথচ সি তোমালোকৰ শত্ৰু। কেনেকৈ তোমালোকে নিজৰ ঘোৰ শত্ৰুক বন্ধু বনাই ল’ববিচৰা? দৰাচলতে এই অন্যায় কাৰীসকলৰকৃ তকৰ্ম হৈছে অতিকৈ জঘন্য, যিসকলে আল্লাহৰপৰিবৰ্তে চয় তানক নিজৰঅভিভাৱক মানি লৈছে।
۞ مَّآ أَشْهَدتُّهُمْ خَلْقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَلَا خَلْقَ أَنفُسِهِمْ وَمَا كُنتُ مُتَّخِذَ ٱلْمُضِلِّينَ عَضُدًۭا ﴿٥١﴾
মোক এৰি তোমালোকে যিসকলক অভিভাৱক বনাই লৈছা, সেইসকল হৈছে তোমালোকৰ দৰেই একো একোজন বান্দা। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি ৰসময় ত মই সিহঁ তক সাক্ষীৰখানাছিলোঁ। বৰংসেই সময় ত সিহঁ তৰঅস্তি ত্বই নাছিল। এয়াও নহয় যে,মই সিহঁ তৰমাজৰকিছু মানক সৃষ্টি কৰাৰ সময় ত আন কিছু মানক সাক্ষী কৰিছিলোঁ। পৰিচালনা আৰুসৃষ্টি ৰক্ষেত্ৰত মই একক। জ্বি ন আৰুমানৱচয় তানৰমাজৰপৰা বিভ্ৰান্ত লোকসকলক মই কেতিয়াও সহায় ক হিচাপে গ্ৰহণ কৰা নাছিলোঁ। কিয় নো নিশ্চিতভাৱেমই অমু খাপেক্ষী, মোক কোনো সহায় ৰপ্ৰ য়োজন নাই।
وَيَوْمَ يَقُولُ نَادُوا۟ شُرَكَآءِىَ ٱلَّذِينَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا۟ لَهُمْ وَجَعَلْنَا بَيْنَهُم مَّوْبِقًۭا ﴿٥٢﴾
হে ৰাছু ল! সিহঁ তৰ সন্মুখত কিয়ামত দিৱসৰ চৰ্চা কৰক, যিদিনা আল্লাহে পৃথিৱীত শ্বি ৰ্ককৰা লোকসকলক উদ্দেশ্যি ক'বঃ সেইবোৰ উপাস্যক মাতি আনা যিবোৰক তোমালোকে মোৰ সমকক্ষ বুলি ধাৰণা কৰিছিলা, সম্ভ ৱতঃ সিহঁ তে তোমালোকক কিবা সহায় কৰিব পাৰিব। এই শুনি সিহঁ তে আহ্বান কৰিব, কিন্তু সিহঁ তৰ আহ্বানত কোনো সঁহাৰি নাপাব আৰু সহায় ও নকৰিব। এতেকে আমি পূজাৰী আৰু উপাস্য উভয় ৰ মাজতে এখন বিনাশস্থ ল বনাই দিম, য’ত সিহঁ তে শাস্তি ভোগ কৰিব। সেয়াহৈছে জাহান্নাম।
وَرَءَا ٱلْمُجْرِمُونَ ٱلنَّارَ فَظَنُّوٓا۟ أَنَّهُم مُّوَاقِعُوهَا وَلَمْ يَجِدُوا۟ عَنْهَا مَصْرِفًۭا ﴿٥٣﴾
মু শ্বৰিকসকলে নিজ চকু ৰে যেতিয়া জাহান্নামক প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁ তৰ পূৰ্ণ বিশ্বাস হ'ব যে, এতিয়া সিহঁ ত সেই জাহান্নামৰ অগ্নিত নিক্ষিপ্ত হ'ব। তেতিয়াসিহঁ তে পলায় ন কৰিবলৈওকোনোআশ্ৰ য় স্থল বিচাৰিনাপাব।
وَلَقَدْ صَرَّفْنَا فِى هَـٰذَا ٱلْقُرْءَانِ لِلنَّاسِ مِن كُلِّ مَثَلٍۢ ۚ وَكَانَ ٱلْإِنسَـٰنُ أَكْثَرَ شَىْءٍۢ جَدَلًۭا ﴿٥٤﴾
নিশ্চয় মুহাম্মদৰপ্ৰ তি অৱতীৰ্ণ হোৱা এই কোৰআনত আমি সকলো প্ৰকাৰৰউদাহৰণ স্পষ্ট ভাৱেতথা বিভিন্নৰূপত বৰ্ণনা কৰিছোঁ। যাতে মানুহে স্মৰণ কৰে আৰু শিক্ষা লাভ কৰে। কিন্তু মানুহৰ ফালৰ পৰা যিটো বিষয় আটাইতকৈ বেছি প্ৰকাশ পায় (বিশেষকৈ কাফিৰসকলৰ ফালৰ পৰা) সেয়া হৈছে অযথা বাক-বিতণ্ডা।
وَمَا مَنَعَ ٱلنَّاسَ أَن يُؤْمِنُوٓا۟ إِذْ جَآءَهُمُ ٱلْهُدَىٰ وَيَسْتَغْفِرُوا۟ رَبَّهُمْ إِلَّآ أَن تَأْتِيَهُمْ سُنَّةُ ٱلْأَوَّلِينَ أَوْ يَأْتِيَهُمُ ٱلْعَذَابُ قُبُلًۭا ﴿٥٥﴾
قبلا মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আৰু স্বৈৰাচাৰী কাফিৰসকলৰ মাজত তথা আল্লাহৰ ওচৰত নিজৰ গুনাহৰ ক্ষমা প্ৰাৰ্থনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অস্পষ্ট বৰ্ণনাই বাধা প্ৰদান কৰা নাই। কিয় নো নিশ্চিতভাৱে কোৰআনত সিহঁ তৰ বাবে উদাহৰণ দাঙি ধৰা হৈছে। তথা সিহঁ তৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। বৰং বাধা প্ৰদান কৰিছে সিহঁ তৰ স্বৈৰাচাৰী স্বভাৱে আৰু সিহঁ তৰ এই দাবীয়ে যে, সিহঁ তৰ ওপৰতো বিগত সম্প্ৰ দায় ৰ ওপৰত অহা শাস্তি আহিব লাগে। যাতে সিহঁ তে সেই শাস্তি ক নিজ চকু ৰে চাব পাৰে যিটোৰ পৰা সিহঁ তক ভয় দেখুৱা হৈছে। بلغ আল-কোৰআন · তাফছীৰ
وَمَا نُرْسِلُ ٱلْمُرْسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنذِرِينَ ۚ وَيُجَـٰدِلُ ٱلَّذِينَ كَفَرُوا۟ بِٱلْبَـٰطِلِ لِيُدْحِضُوا۟ بِهِ ٱلْحَقَّ ۖ وَٱتَّخَذُوٓا۟ ءَايَـٰتِى وَمَآ أُنذِرُوا۟ هُزُوًۭا ﴿٥٦﴾
আমি যেতিয়াই কোনো ৰাছু ল প্ৰে ৰণ কৰোঁ, তেওঁক মুমিনসকলৰ বাবে আৰু আনুগত্যকাৰীসকলৰ বাবে সুসংবাদবাহক হিচাপে প্ৰে ৰণ কৰোঁ, লগতে কাফিৰআৰু পাপিষ্ঠ সকলক ভয় দেখুৱাবলৈ প্ৰে ৰণ কৰোঁ। সিহঁ তক হিদায় ত দিবলৈ সেই ৰাছু লৰকোনো ক্ষমতা নাথাকে। আল্লাহ আৰু তেওঁ ৰৰাছু লক অস্বীকাৰকাৰী কাফিৰসকলে স্পষ্ট প্ৰমাণ পোৱাৰ পিছতো কাজিয়াত লিপ্ত হয় । যাতে সিহঁতৰ অসত্য তথ্যৰ জৰিয় তে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ সত্যক মোহাৰি পেলাব পাৰে। সিহঁ তে কোৰআনক, আৰু সেই শাস্তি ক উপহাসৰ পাত্ৰ বনাই লৈছে, যিটোৰ দ্বাৰা সিহঁ তক ভয় দেখুৱা হয় ।
وَمَنْ أَظْلَمُ مِمَّن ذُكِّرَ بِـَٔايَـٰتِ رَبِّهِۦ فَأَعْرَضَ عَنْهَا وَنَسِىَ مَا قَدَّمَتْ يَدَاهُ ۚ إِنَّا جَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَن يَفْقَهُوهُ وَفِىٓ ءَاذَانِهِمْ وَقْرًۭا ۖ وَإِن تَدْعُهُمْ إِلَى ٱلْهُدَىٰ فَلَن يَهْتَدُوٓا۟ إِذًا أَبَدًۭا ﴿٥٧﴾
ى সেই ব্যক্তি তকৈ অধিক অন্যায় কাৰী আন কোনো হ'ব নোৱাৰে, যাক নিজ প্ৰতিপালকৰ আয়াতৰ দ্বাৰা বুজোৱাৰ পিছতো সি শাস্তি ক ভ্ৰূক্ষেপ নকৰে আৰু উপদেশ গ্ৰহণ নকৰে। পাৰ্থিৱ জীৱনত কৰা কু ফৰী আৰু গুনাহক পাহৰি যায় তথা সেইবোৰৰ পৰা তাওবাও নকৰে। এনেকু ৱা স্বভাৱৰ লোকৰ অন্ত ৰত আমি পৰ্দা আঁৰি দিছোঁ, ফলত সিহঁ তে কোৰআন বুজিব নোৱাৰে। লগতে সিহঁ তৰ শ্ৰৱণশক্তি ক গধূৰ কৰি দিছোঁ, ফলত সিহঁ তে স্বীকাৰ কৰাৰ বাবে শুনিব নোৱাৰে। এতেকে আপুনি যদি সিহঁ তক ঈমানৰ ফালে আহ্বান কৰে তেন্তে সিহঁ তে তেতিয়ালৈকে এই আহ্বানত সঁহাৰি দিব নোৱাৰিব যেতিয়ালৈকে সিহঁ তৰ অন্ত ৰত পৰ্দা থাকিব আৰু সিহঁ তৰ কাণত গধূৰতা থাকিব।
وَرَبُّكَ ٱلْغَفُورُ ذُو ٱلرَّحْمَةِ ۖ لَوْ يُؤَاخِذُهُم بِمَا كَسَبُوا۟ لَعَجَّلَ لَهُمُ ٱلْعَذَابَ ۚ بَل لَّهُم مَّوْعِدٌۭ لَّن يَجِدُوا۟ مِن دُونِهِۦ مَوْئِلًۭا ﴿٥٨﴾
موئ لا যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰকাৰীসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, সেইকাৰণে আল্লাহে কৈছেঃ হে ৰাছু ল! আপোনাৰ প্ৰতিপালক তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁ অতি দয়ালু, তেওঁ ৰ দয়া প্ৰত্যেক বস্তু কে আৱৰি আছে। এইটোও তেওঁ ৰ দয়া যে,তেওঁ পাপিষ্ঠ সকলকঅৱকাশ দিয়ে যাতে সিহঁ তে তাওবাকৰে। যদি আল্লাহে এই অৱজ্ঞাকাৰীসকলকশাস্তি দিববিচাৰিলেহেঁ তেন তেন্তে নিশ্চয় এই পৃথিৱীতেই সিহঁ তক শাস্তি প্ৰদান কৰিলেহেঁ তেন। কিন্তু তেওঁ অতি সহনশীলতথাদয়ালু। তেওঁ সিহঁ তৰপৰাশাস্তি ক পিচু ৱাই দিছে যাতে সিহঁ তে তাওবা কৰে। বৰং সিহঁ তৰ বাবে স্থান আৰু সময় নিৰ্ধাৰণ কৰিছে, য’ত সিহঁ তক কু ফৰী আৰু অৱজ্ঞাৰ শাস্তি দিয়া হ’ব, যদি সিহঁ তে তাওবা নকৰে। তেওঁৰ বাহিৰে সিহঁ তৰ কোনো সুৰক্ষা প্ৰদানকাৰী নাই, য’ত সিহঁ তে আশ্ৰ য় ল’ব পাৰিব।
وَتِلْكَ ٱلْقُرَىٰٓ أَهْلَكْنَـٰهُمْ لَمَّا ظَلَمُوا۟ وَجَعَلْنَا لِمَهْلِكِهِم مَّوْعِدًۭا ﴿٥٩﴾
তোমালোকৰ ওচৰতে বসবাস কৰা কাফিৰ জনবসতিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁ তে কু ফৰী আৰু গুনাহৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছিল। সিহঁ তৰ বিনাশৰ বাবে আমি এটা সময় নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ।
وَإِذْ قَالَ مُوسَىٰ لِفَتَىٰهُ لَآ أَبْرَحُ حَتَّىٰٓ أَبْلُغَ مَجْمَعَ ٱلْبَحْرَيْنِ أَوْ أَمْضِىَ حُقُبًۭا ﴿٦٠﴾
হে ৰাছু ল! স্মৰণ কৰক সেই সময় ছোৱাক, যেতিয়া মূছা আলাইহিচ্ছালামে তেওঁৰ সেৱক ইউশ্বা বিন নূনক কৈছিলঃ মই এটা ভ্ৰমণত আগুৱাই গৈয়ে থাকিম যেতিয়ালৈকে মই দুই সাগৰৰ সংগমস্থ ল গৈ নাপাওঁ। অথবা দীৰ্ঘ সময় মই ভ্ৰমণ কৰিম যেতিয়ালৈকে মই পুণ্যৱান ব্যক্তিজনক বিচাৰি নাপাওঁ, তেওঁ ৰপৰামই জ্ঞান অৰ্জ ন কৰিম।
فَلَمَّا بَلَغَا مَجْمَعَ بَيْنِهِمَا نَسِيَا حُوتَهُمَا فَٱتَّخَذَ سَبِيلَهُۥ فِى ٱلْبَحْرِ سَرَبًۭا ﴿٦١﴾
এতেকে তেওঁলোক দুয়ো যেতিয়া সাগৰৰ সংগমস্থ লত গৈ উপস্থি ত হ’ল, তেতিয়া তেওঁলোকৰ সেই মাছটো হেৰাই গ'ল যিটোক তেওঁলোকে ভ্ৰমণত খাবলৈ আনিছিল। আল্লাহে সেই মাছটোক জীৱন দান কৰিলে আৰুসেই মাছটো সুৰংগৰদৰেৰাস্তা বনাই পানীত গুচি গৈছিল। بلغ আল-কোৰআন · তাফছীৰ
فَلَمَّا جَاوَزَا قَالَ لِفَتَىٰهُ ءَاتِنَا غَدَآءَنَا لَقَدْ لَقِينَا مِن سَفَرِنَا هَـٰذَا نَصَبًۭا ﴿٦٢﴾
যেতিয়া তেওঁলোকে নিৰ্দিষ্ট স্থান পাৰ হৈ আগুৱাই গ'ল, মূছাই তেওঁৰ সেৱকক উদ্দেশ্যি ক'লেঃ আমাৰ দুপুৰিয়াৰ আহাৰ উলিওৱাচোন, নিশ্চয় আমি আমাৰএই ভ্ৰমণত বৰক্লাতন্হৈ পৰিছোঁ।
قَالَ أَرَءَيْتَ إِذْ أَوَيْنَآ إِلَى ٱلصَّخْرَةِ فَإِنِّى نَسِيتُ ٱلْحُوتَ وَمَآ أَنسَىٰنِيهُ إِلَّا ٱلشَّيْطَـٰنُ أَنْ أَذْكُرَهُۥ ۚ وَٱتَّخَذَ سَبِيلَهُۥ فِى ٱلْبَحْرِ عَجَبًۭا ﴿٦٣﴾
সেৱকে ক'লেঃ আপুনি লক্ষ্য কৰা নাইনে যেতিয়া আমি শিলাখণ্ডৰ ওচৰত বিশ্ৰাম লৈছিলোঁ তেতিয়া কি সংঘটি ত হৈছিল? দৰাচলতে মাছৰ ঘটনাটো আপোনাক বৰ্ণনা কৰিবলৈ মই পাহৰি গৈছিলোঁ। মই নিশ্চিত যে মোক চয় তানেই উক্ত ঘটনাটো বৰ্ণনা কৰিবলৈ পাহৰাই দিছিল। ঘটনাটো হৈছে, সেই মাছবিধজীৱিত হৈ পানীত আশ্চৰ্যজনকভাৱেপথ বনাই গুচি গৈছে।
قَالَ ذَٰلِكَ مَا كُنَّا نَبْغِ ۚ فَٱرْتَدَّا عَلَىٰٓ ءَاثَارِهِمَا قَصَصًۭا ﴿٦٤﴾
মূ ছা আলাইহিচ্ছালামে তেওঁ ৰ সেৱকক ক'লেঃ সেই স্থানটোৱে হৈছে আমাৰ উদ্দেশ্য। দৰাচলতে এইটোৱে হৈছে সেই পুণ্যৱান ব্যক্তি ৰ ঠাইৰ প্ৰতীক। এতেকে দুয়ো নিজৰ পদচিহ্ন অনু সৰণ কৰি উভতি গ’ল, যাতে পথ হেৰাই নাযায় । অৱশেষত তেওঁ লোকে শিলাখণ্ডৰ ওচৰলৈ পালেগৈ, আৰু তাৰ পৰা মাছৰপ্ৰ ৱেশস্থ লতউপস্থি তহ'ল।
فَوَجَدَا عَبْدًۭا مِّنْ عِبَادِنَآ ءَاتَيْنَـٰهُ رَحْمَةًۭ مِّنْ عِندِنَا وَعَلَّمْنَـٰهُ مِن لَّدُنَّا عِلْمًۭا ﴿٦٥﴾
মাছ হেৰাই যোৱা ঠাইত যেতিয়া তেওঁলোক দুয়ো আহি উপস্থি ত হ'ল, তাত তেওঁলোকে আমাৰ এজন নেক বান্দাক লগ পালে (তেওঁ আছিল খাজিৰ আলাইহিচ্ছালাম)। আমি আমাৰ ফালৰ পৰা তেওঁক দয়া কৰিছিলোঁ আৰু এনেকু ৱা জ্ঞান দান কৰিছিলোঁ যিটো মানুহৰ ওচৰত নাছিল। সেই জ্ঞানৰ কথাকেই ইয়াত বৰ্ণনা কৰা হৈছে।
قَالَ لَهُۥ مُوسَىٰ هَلْ أَتَّبِعُكَ عَلَىٰٓ أَن تُعَلِّمَنِ مِمَّا عُلِّمْتَ رُشْدًۭا ﴿٦٦﴾
মূছা আলাইহিচ্ছালামে তেওঁক বিনম্ৰ তা প্ৰকাশ কৰি ক'লেঃ মই আপোনাৰ অনুসৰণ কৰিব পাৰোঁনে, যাতে আল্লাহে আপোনাক যি জ্ঞান দান কৰিছে, যাৰ দ্বাৰা সত্যৰ পথ পোৱা যায় তাৰ পৰা কিবা শিকিব পাৰিম? قال إنك لن تستطيع معىصبرا
قَالَ إِنَّكَ لَن تَسْتَطِيعَ مَعِىَ صَبْرًۭا ﴿٦٧﴾
খাজিৰ আলাইহিচ্ছালামে ক'লেঃ আপুনি মোৰ জ্ঞানৰ যি দৃশ্য দেখিব, মই নিশ্চিত যে আপুনি সেয়া দেখি কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব। কিয় নো আপুনি আপোনাৰ ওচৰত থকা জ্ঞানৰ লগত ইয়াৰ কোনো সংগতি বিচাৰি নাপাব। وكيف تصبرعل ما لم تحط به خبرا
وَكَيْفَ تَصْبِرُ عَلَىٰ مَا لَمْ تُحِطْ بِهِۦ خُبْرًۭا ﴿٦٨﴾
আপুনি সেইবোৰ কৰ্ম দেখি কেনেকৈ ধৈৰ্য্য ধাৰণ কৰিব পাৰিব? যিবোৰ কৰ্মৰ উচিত কোনো কাৰণ আপুনি নাজানে। কিয় নো আপুনি কেৱল আপোনাৰ ওচৰত থকাজ্ঞান অনু সাৰেহে সিদ্ধান্ত গ্ৰহণ কৰিবপাৰিব।
قَالَ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ صَابِرًۭا وَلَآ أَعْصِى لَكَ أَمْرًۭا ﴿٦٩﴾
মূছা আলাইহিচ্ছালামে ক'লেঃ আপোনাৰ ফালৰ পৰা সংঘটি ত সকলো বিষয় তে ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্য ধাৰণকাৰী হিচাপে পাব। মই আপোনাৰ সকলো সিদ্ধান্ত মানি ল’ম। মই আপোনাৰ কোনো আদেশক উলংঘা নকৰোঁ। بلغ আল-কোৰআন · তাফছীৰ
قَالَ فَإِنِ ٱتَّبَعْتَنِى فَلَا تَسْـَٔلْنِى عَن شَىْءٍ حَتَّىٰٓ أُحْدِثَ لَكَ مِنْهُ ذِكْرًۭا ﴿٧٠﴾
খাজিৰে মূছাক ক'লেঃ যদি আপুনি সঁচাকৈয়ে মোৰ অনুসৰণ কৰিব বিচাৰে তেন্তে শুনক! মোক আপুনি যি কামেই কৰা দেখিব, সেই বিষয়ে আপুনি মোক কোনোপ্ৰ শ্ননকৰিব,যেতিয়ালৈকে মই নিজেই সেই কৰ্ম সম্পৰ্কে আপোনাক জনাই নিদিওঁ ।
فَٱنطَلَقَا حَتَّىٰٓ إِذَا رَكِبَا فِى ٱلسَّفِينَةِ خَرَقَهَا ۖ قَالَ أَخَرَقْتَهَا لِتُغْرِقَ أَهْلَهَا لَقَدْ جِئْتَ شَيْـًٔا إِمْرًۭا ﴿٧١﴾
যেতিয়া দুয়ো একমত হ'ল তেতিয়া উভয়ে সাগৰৰ পাৰলৈ ৰাওনা হ'ল। তাত গৈ তেওঁ লোকে এখন নাও পালে, উভয়ে তাত আৰোহণ কৰিলে। খাজিৰ আলাইহিচ্ছালামৰ সন্মানাৰ্থে তেওঁ লোকে ভাড়াও দিবলগীয়া নহ'ল। ইপিনে খাজিৰ আলাইহিচ্ছালামে নাওখনত এখন ফু টা কৰি দিলে। এই দেখি মূ ছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকু ৱা এখন নাও ফু টা কৰিলে যিখন নাৱৰ মালিকে আমাৰ পৰা ভাড়াও লোৱা নাই। আপুনি তেওঁ ক ডু বাই মাৰিব বিচাৰে নেকি? আপুনি নিশ্চয় এটা অনু চিত কাম কৰিছে। قال ألم أقل إنك لن تستطيع معىصبرا
قَالَ أَلَمْ أَقُلْ إِنَّكَ لَن تَسْتَطِيعَ مَعِىَ صَبْرًۭا ﴿٧٢﴾
খাজিৰে ক'লেঃ মই আপোনাক কোৱা নাছিলোঁনে যে, আপুনি মোৰ কাম দেখি ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব? قال لا تؤاخذنى بما نسيت ولا ترهقنى من أمرى عسرا
قَالَ لَا تُؤَاخِذْنِى بِمَا نَسِيتُ وَلَا تُرْهِقْنِى مِنْ أَمْرِى عُسْرًۭا ﴿٧٣﴾
মূ ছা আলাইহিচ্ছালামে ক'লেঃ ভু লবশতঃ মই আপোনাক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছোঁ, গতিকে অনু গ্ৰহ কৰি ইয়াৰ ফলত আপুনি কোনো বিহিত ব্যৱস্থা নল’ব। তথা মোক সংকীৰ্ণতাৰ ফালে ঠেলি নিদিব আৰু আপোনাৰ লগত থকাৰ ক্ষেত্ৰত কোনো জটি লতাৰ সৃষ্টি নকৰিব।
فَٱنطَلَقَا حَتَّىٰٓ إِذَا لَقِيَا غُلَـٰمًۭا فَقَتَلَهُۥ قَالَ أَقَتَلْتَ نَفْسًۭا زَكِيَّةًۢ بِغَيْرِ نَفْسٍۢ لَّقَدْ جِئْتَ شَيْـًۭٔا نُّكْرًۭا ﴿٧٤﴾
নাৱৰ পৰা অৱতৰণ কৰাৰ পিছত দুয়ো সাগৰৰ পাৰে পাৰে ৰাওনা হ'ল, তেওঁলোকে এজন শিশুক অন্য কিছু মান শিশুৰ সৈতে খেলি থকা অৱস্থাত দেখিলে। শিশুটি এতিয়াও বুজিব পৰা বয় সত উপনীত হোৱা নাছিল। কিন্তু খাজিৰ আলাইহিচ্ছালামে তাক হত্যা কৰি পেলালে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকু ৱা এজন শিশুক হত্যা কৰিলে, যিয়ে বুজিব পৰা বয় সতো উপনীত হোৱা নাই, সি এজন নিৰ্দোষী নিৰপৰাধ, যিয়ে কোনোগুনাহোকৰানাই ?নিশ্চয় আপুনি এইটোনিকৃ ষ্টকাম কৰিছে।
۞ قَالَ أَلَمْ أَقُل لَّكَ إِنَّكَ لَن تَسْتَطِيعَ مَعِىَ صَبْرًۭا ﴿٧٥﴾
খাজিৰে মু ছা আলাইহিচ্ছালামক ক'লেঃ হে মু ছা! মই আপোনাক আগতেই কৈছিলোঁ, আপুনি মোৰ কৰ্মবোৰ চাই ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব।
قَالَ إِن سَأَلْتُكَ عَن شَىْءٍۭ بَعْدَهَا فَلَا تُصَـٰحِبْنِى ۖ قَدْ بَلَغْتَ مِن لَّدُنِّى عُذْرًۭا ﴿٧٦﴾
মুছা আলাইহিচ্ছালামে ক'লেঃ এইবাৰৰ পিছত পুনৰ যদি মই কোনো বিষয়ে প্ৰশ্নউত্থাপন কৰোঁ তেন্তে আপুনি মোক পৃথক কৰি দিব পাৰে, কিয় নো দুবাৰ আপোনাৰ বিৰোধিতা কৰাৰ পিছত আপোনাৰ লগত থকাটো মোৰ বাবে উচিত নহ'ব।
فَٱنطَلَقَا حَتَّىٰٓ إِذَآ أَتَيَآ أَهْلَ قَرْيَةٍ ٱسْتَطْعَمَآ أَهْلَهَا فَأَبَوْا۟ أَن يُضَيِّفُوهُمَا فَوَجَدَا فِيهَا جِدَارًۭا يُرِيدُ أَن يَنقَضَّ فَأَقَامَهُۥ ۖ قَالَ لَوْ شِئْتَ لَتَّخَذْتَ عَلَيْهِ أَجْرًۭا ﴿٧٧﴾
قال لو شئت لتخذت عليهأجرا ইয়াৰ পিছত দুয়ো আকৌ ৰাওনা হ'ল, অৱশেষত এখন গাওঁত প্ৰৱেশ কৰিলে আৰু তাৰ অধিবাসীসকলৰ ওচৰত খাদ্যৰ বাবে আবেদন কৰিলে। গাওঁ বাসীয়ে তেওঁ লোকৰ আবেদন নাকচ কৰিলে আৰু তেওঁ লোকক খুৱাবলৈ মান্তি নহ'ল। তেওঁ লোকে সেই গাওঁ খনতে এখন প্ৰাচীৰ দেখা পালে, যিখন পৰি যোৱাৰউপক্ৰ ম হৈছিল। খাজিৰেসেই প্ৰাচীৰখন মেৰামতি কৰি দিলে। এই দেখি মু ছা আলাইহিচ্ছালামে খাজিৰক ক'লেঃআপুনি ইচ্ছা কৰিলে بلغ আল-কোৰআন · তাফছীৰ সিহঁ তৰ পৰা এই পৰিশ্ৰ মৰ পাৰিশ্ৰ মিক ল'ব পাৰিলেহেঁ তেন, যিহেতু সিহঁ তে আমাক আপ্যায় ন কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে এইটো লোৱা আমাৰ বাবেপ্ৰ য়োজন আছিল।
قَالَ هَـٰذَا فِرَاقُ بَيْنِى وَبَيْنِكَ ۚ سَأُنَبِّئُكَ بِتَأْوِيلِ مَا لَمْ تَسْتَطِع عَّلَيْهِ صَبْرًا ﴿٧٨﴾
খাজিৰে মুছা আলাইহিচ্ছালামক ক'লেঃ প্ৰাচীৰ মেৰামতিৰ বাবে মই পাৰিশ্ৰ মিক নোলোৱাৰ ক্ষেত্ৰত আপোনাৰ এই অভিযোগে মোক আৰু আপোনাৰ মাজত পৃথক হোৱাটো নিশ্চিত কৰি দিছে। এতিয়া মই আপোনাক উক্ত বিষয় বোৰৰ বাস্ত ৱিকতা সম্পৰ্কে অৱগত কৰাব বিচাৰিছোঁ, মোক যিবোৰ কৰ্ম কৰা দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।
أَمَّا ٱلسَّفِينَةُ فَكَانَتْ لِمَسَـٰكِينَ يَعْمَلُونَ فِى ٱلْبَحْرِ فَأَرَدتُّ أَنْ أَعِيبَهَا وَكَانَ وَرَآءَهُم مَّلِكٌۭ يَأْخُذُ كُلَّ سَفِينَةٍ غَصْبًۭا ﴿٧٩﴾
এতেকে নাও সম্পৰ্কীয় বিষয় টো প্ৰথমে মই আপোনাক জনাওঁ , যিখন নাও ত্ৰুটি যুক্ত কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, দৰাচলতে সেই নাওখনৰ স্বত্তাধিকাৰী হৈছে কেইজনমান দৰিদ্ৰ লোক, তেওঁ লোকে সেই নাওখনেৰে সাগৰত কাম কৰিছিল কিন্তু তেওঁ লোকে ইয়াক ৰক্ষা কৰিবলৈ সক্ষম নাছিল। সেয়ে মই সেই নাওখনক ত্ৰুটি যুক্ত কৰিছিলোঁ যাতে এই নাওখনক সেই অত্যাচাৰী ৰজাই কাঢ়ি ল’বনোৱাৰে, যিয়ে প্ৰত্যেক ভাল তথা উৎকৃ ষ্টনাও বলপূৰ্বকভাৱেমানু হৰপৰা কাঢ়ি লয় আৰু ত্ৰুটি যুক্ত নাওসমূ হ এৰি দিয়ে ।
وَأَمَّا ٱلْغُلَـٰمُ فَكَانَ أَبَوَاهُ مُؤْمِنَيْنِ فَخَشِينَآ أَن يُرْهِقَهُمَا طُغْيَـٰنًۭا وَكُفْرًۭا ﴿٨٠﴾
আনহাতে শিশুৰ বিষয় টো, যিজন শিশুক হত্যা কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই শিশুজনৰ পিতৃ -মাতৃ উভয়ে আছিল ঈমান্দাৰ। কিন্তু আল্লাহৰ জ্ঞান অনুসাৰে সেই শিশুজন আছিল কাফিৰ (নাস্তি ক)। সেয়ে আমি আশংকা কৰিছিলোঁ যে, সি ডাঙৰ হৈ নিজৰ পিতৃ-মাতৃক কু ফৰীলৈ ওভোতাই নিব,কিয় নোপিতৃ -মাতৃ য়ে সন্তান-সন্ত তিক সীমাহীন ভালপায় ,তথাসিহঁ ত হৈছে তেওঁ লোকৰঅতি প্ৰয়োজনীয় আপোনজন।
فَأَرَدْنَآ أَن يُبْدِلَهُمَا رَبُّهُمَا خَيْرًۭا مِّنْهُ زَكَوٰةًۭ وَأَقْرَبَ رُحْمًۭا ﴿٨١﴾
সেয়ে আমি ভাবিলোঁ যে, আল্লাহে তেওঁলোকক ইয়াৰপৰিবৰ্তে আন এজন এনেকু ৱা সন্তান প্ৰদান কৰক, যিজন হ'বঅতি দ্বীনদাৰ, পৰহেজগাৰআৰু পাপকৰ্মৰ পৰা দূৰত্ব অৱলম্বনকাৰী। তথা পিতৃ -মাতৃ ৰ প্ৰতি অধিক মনোযোগ প্ৰদানকাৰী।
وَأَمَّا ٱلْجِدَارُ فَكَانَ لِغُلَـٰمَيْنِ يَتِيمَيْنِ فِى ٱلْمَدِينَةِ وَكَانَ تَحْتَهُۥ كَنزٌۭ لَّهُمَا وَكَانَ أَبُوهُمَا صَـٰلِحًۭا فَأَرَادَ رَبُّكَ أَن يَبْلُغَآ أَشُدَّهُمَا وَيَسْتَخْرِجَا كَنزَهُمَا رَحْمَةًۭ مِّن رَّبِّكَ ۚ وَمَا فَعَلْتُهُۥ عَنْ أَمْرِى ۚ ذَٰلِكَ تَأْوِيلُ مَا لَمْ تَسْطِع عَّلَيْهِ صَبْرًۭا ﴿٨٢﴾
আনহাতে যিখন প্ৰাচীৰ মই মেৰামতি কৰি দিছিলোঁ, যি বিষয়ে আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই প্ৰাচীৰখন আছিল সেই চহৰৰ দুজন সৰু ল’ৰাৰ। তেওঁ লোকৰ পিতৃ -মাতৃ আছিল অতি পুণ্যৱান। পিতা-মাতা উভয়ে মৃ ত্যুবৰণ কৰিছিল আৰু সেই প্ৰাচীৰখনৰ তলত পুতি থোৱা আছিল তেওঁ লোকৰ ধন- সম্পদ। সেয়ে হে মু ছা! আপোনাৰ প্ৰতিপালকে ইচ্ছা পোষণ কৰিলে যে, সেই ল’ৰা দুজন সুকলমে ডাঙৰ দীঘল হওক তথা প্ৰাপ্ত বয় সত উপনীত হওক, আৰু তাৰ পিছত যাতে তেওঁলোকে প্ৰাচীৰৰ তলত থকা তেওঁলোকৰ সম্পদ উলিয়াব পাৰে। কিয় নো এতিয়া যদি তেওঁলোকৰ সেই প্ৰাচীৰখন ভাঙি পৰিলহেঁ তেন তেন্তে তেওঁলোকৰসম্পদ উন্মুক্ত হ'লহেঁ তেন আৰুবিনষ্ট হ'লহেঁ তেন। দৰাচলতে এই প্ৰক্ৰি য়াটো হৈছে আপোনাৰপ্ৰ তিপালকৰতৰফৰ পৰা সেই ল’ৰা দুজনৰ বাবে এক প্ৰকাৰ ৰহমত। মই মোৰ বুদ্ধিৰে একো কৰা নাছিলোঁ। উক্ত ঘটনাবোৰৰ এইটোৱে হৈছে বাস্ত ৱিকতা, যিবোৰ দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।
وَيَسْـَٔلُونَكَ عَن ذِى ٱلْقَرْنَيْنِ ۖ قُلْ سَأَتْلُوا۟ عَلَيْكُم مِّنْهُ ذِكْرًا ﴿٨٣﴾
হে ৰাছু ল! মুশ্বৰিকসকলে আৰু ইয়াহুদীসকলে আপোনাক পৰীক্ষা কৰাৰ বাবে জুল-কাৰ্ণাইন সম্পৰ্কে সোধ-পোচ কৰে। আপুনি সিহঁ তক জনাই দিয় ক যে, মই তোমালোকৰ সন্মুখত তেওঁ ৰ কিছু মান ঘটনা দাঙি ধৰিম, যাতে তোমালোকে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰা তথা উপদেশ ল'ব পাৰা। بلغ আল-কোৰআন · তাফছীৰ
إِنَّا مَكَّنَّا لَهُۥ فِى ٱلْأَرْضِ وَءَاتَيْنَـٰهُ مِن كُلِّ شَىْءٍۢ سَبَبًۭا ﴿٨٤﴾
নিশ্চয় আমি তেওঁক পৃথিৱীত প্ৰভাৱশালী বনাইছিলোঁ আৰু তেওঁক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছিলোঁ যিটোৰ জৰিয় তে তেওঁ নিজৰ লক্ষ্যস্থ লত উপনীত হ'ব পাৰিছিল। فأ تبع سببا
فَأَتْبَعَ سَبَبًا ﴿٨٥﴾
তেওঁ ৰলক্ষ্যস্থ লত উপনীত হ'বলৈ আমি তেওঁ ক যিবোৰউপায় আৰুমাধ্যম প্ৰদান কৰিছিলোঁ, সেইবোৰৰজৰিয় তে তেওঁ পশ্চিমফালে ৰাওনা হ'ল।
حَتَّىٰٓ إِذَا بَلَغَ مَغْرِبَ ٱلشَّمْسِ وَجَدَهَا تَغْرُبُ فِى عَيْنٍ حَمِئَةٍۢ وَوَجَدَ عِندَهَا قَوْمًۭا ۗ قُلْنَا يَـٰذَا ٱلْقَرْنَيْنِ إِمَّآ أَن تُعَذِّبَ وَإِمَّآ أَن تَتَّخِذَ فِيهِمْ حُسْنًۭا ﴿٨٦﴾
তেওঁ পৃথিৱীত ভ্ৰমণ অব্যাহত ৰাখিলে, অৱশেষত তেওঁ যেতিয়া পশ্চিমফালে সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্য্যাস্ত ৰৰঠাই বুলি লাগে, তাত তেওঁ লক্ষ্য কৰিলে সূৰ্য্য যেনিবা ক'লা বোকা মাটি ৰ জলাশয় ত ডু ব গৈ আছে। তেওঁ সেই ঠাইত এনেকু ৱা এটা জাতিক লগ পালে যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা নাছিল। আমি তেওঁ ক দুটা বিকল্প দেখুৱাই ক'লোঁঃ হে জুল-কাৰ্ণাইন! তু মি ইচ্ছা কৰিলে সিহঁ তক হত্যা কৰিব পাৰা অথবা অন্য কোনো শাস্তি দিব পাৰা। নাইবা সিহঁ তৰপ্ৰ তি সহানু ভূ তিশীল হ'বপাৰা। قال أما من ظلم فسوف نعذبه ثم يرد إلى ربه فيعذبه عذابا نكرا
قَالَ أَمَّا مَن ظَلَمَ فَسَوْفَ نُعَذِّبُهُۥ ثُمَّ يُرَدُّ إِلَىٰ رَبِّهِۦ فَيُعَذِّبُهُۥ عَذَابًۭا نُّكْرًۭا ﴿٨٧﴾
জুল-কাৰ্ণাইনে ক'লেঃ যিয়ে আল্লাহৰ লগত শ্বি ৰ্ককৰিব আৰু আল্লাহৰ ইবাদতৰ ফালে আহ্বান কৰাৰ পিছতো সেই শ্বি ৰ্কত বৰ্তী থাকিব তেন্তে তেনেকু ৱা ব্যক্তিক আমি পৃথিৱীতেই মৃত্যুদণ্ডৰে শাস্তি প্ৰদান কৰিম। আকৌ কিয়ামতৰ দিনা যেতিয়া নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব তেতিয়া ইয়াতকৈও কঠি ন শাস্তি ৰসন্মুখীন হ'ব।
وَأَمَّا مَنْ ءَامَنَ وَعَمِلَ صَـٰلِحًۭا فَلَهُۥ جَزَآءً ٱلْحُسْنَىٰ ۖ وَسَنَقُولُ لَهُۥ مِنْ أَمْرِنَا يُسْرًۭا ﴿٨٨﴾
কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু সৎকৰ্ম কৰিব, তাৰ বাবে আছে জান্নাত। এইটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁ ৰ বাবে তেওঁ ৰ ঈমান আৰু সৎকৰ্মৰ প্ৰতিফল। তথা আমি তেওঁ ক আদেশ দিয়াৰ সময় তো সহজ আৰু সৰলতা অৱলম্বন কৰিম। ثم أتبع سببا
ثُمَّ أَتْبَعَ سَبَبًا ﴿٨٩﴾
তাৰ পিছত তেওঁ আগৰ পথ এৰি আন এটা পথেৰে সূৰ্য্যোদয় ৰ দিশত অৰ্থাৎ পূৱ ফালে ৰাওনা হ'ল।
حَتَّىٰٓ إِذَا بَلَغَ مَطْلِعَ ٱلشَّمْسِ وَجَدَهَا تَطْلُعُ عَلَىٰ قَوْمٍۢ لَّمْ نَجْعَل لَّهُم مِّن دُونِهَا سِتْرًۭا ﴿٩٠﴾
গৈ গৈ তেওঁ যেতিয়া সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্যোদয় ৰ স্থান বুলি লাগে, তেতিয়া তেওঁ সূৰ্য্যক এনেকু ৱা এটা সম্প্ৰ দায় ৰ ওপৰত উদয় হোৱা দেখিলে যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ ঘৰ দুৱাৰ তথা গছ বৃক্ষৰ কোনো অন্ত ৰাল নাছিল। كذلك وقد أحطنا بما لديه خبرا
كَذَٰلِكَ وَقَدْ أَحَطْنَا بِمَا لَدَيْهِ خُبْرًۭا ﴿٩١﴾
জুল-কাৰ্ণাইনৰবিষয় বোৰএনেকু ৱাই আছিল,তেওঁ ৰওচৰত যি শক্তি সামৰ্থ আৰুৰাজত্ব আছিল সেই সম্পৰ্কে আমাৰপূৰ্ণ জ্ঞান আছে। بلغ আল-কোৰআন · তাফছীৰ ثم أتبع سببا
ثُمَّ أَتْبَعَ سَبَبًا ﴿٩٢﴾
তাৰ পিছত তেওঁ সেই পথ এৰি পূৱ আৰু পশ্চিমৰ মাজৰ আন এটা পথ ধৰিলে।
حَتَّىٰٓ إِذَا بَلَغَ بَيْنَ ٱلسَّدَّيْنِ وَجَدَ مِن دُونِهِمَا قَوْمًۭا لَّا يَكَادُونَ يَفْقَهُونَ قَوْلًۭا ﴿٩٣﴾
গৈ গৈ তেওঁ যেতিয়া দুই পৰ্বতৰ মাজৰ উপত্যকা এখন পালে, সেই পৰ্বত দুখনৰ সিপাৰে এনেকু ৱা এটা জাতিক লগ পালে, যিসকলে অন্য লোকৰ ভাষা বুজি পাবলৈ সক্ষম নাছিল।
قَالُوا۟ يَـٰذَا ٱلْقَرْنَيْنِ إِنَّ يَأْجُوجَ وَمَأْجُوجَ مُفْسِدُونَ فِى ٱلْأَرْضِ فَهَلْ نَجْعَلُ لَكَ خَرْجًا عَلَىٰٓ أَن تَجْعَلَ بَيْنَنَا وَبَيْنَهُمْ سَدًّۭا ﴿٩٤﴾
س ا সেইসকল লোকে ক'লেঃ হে জুল-কাৰ্ণাইন! ইয়াজুজ আৰু মাজুজ (তেওঁলোকৰ মতে আদম সন্তানৰ দুটা ডাঙৰ সম্প্ৰ দায় ) হত্যা আদিৰ জৰিয় তে ভূ পৃষ্ঠ ত উপদ্ৰ ৱচলায় । আমি আপোনাক কিছু অৰ্থ সম্পদেৰেসহায় কৰিম নেকি যাতে আপুনি আমাৰআৰুসিহঁ তৰমাজত অৱৰোধপ্ৰাচীৰনিৰ্মাণ কৰি দিয়ে ? قال ما مك نى فيه ربى خير فأعينونى بقوةأجعل بينكم وبينهم ردما
قَالَ مَا مَكَّنِّى فِيهِ رَبِّى خَيْرٌۭ فَأَعِينُونِى بِقُوَّةٍ أَجْعَلْ بَيْنَكُمْ وَبَيْنَهُمْ رَدْمًا ﴿٩٥﴾
জুল-কাৰ্ণাইনে ক'লেঃ মোৰ প্ৰতিপালকে মোক যি শক্তি সামৰ্থ আৰু ৰাজত্ব প্ৰদান কৰিছে, সেয়া তোমালোকে দিব বিচৰা সম্পদতকৈ বহুগুণে উত্তম। এতেকে তোমালোকে মোক জনবল আৰু উপাদানেৰে সহায় কৰা, মই তোমালোকৰ আৰু সিহঁ তৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিম।
ءَاتُونِى زُبَرَ ٱلْحَدِيدِ ۖ حَتَّىٰٓ إِذَا سَاوَىٰ بَيْنَ ٱلصَّدَفَيْنِ قَالَ ٱنفُخُوا۟ ۖ حَتَّىٰٓ إِذَا جَعَلَهُۥ نَارًۭا قَالَ ءَاتُونِىٓ أُفْرِغْ عَلَيْهِ قِطْرًۭا ﴿٩٦﴾
তোমালোকে লোহা আদিৰ যোগান ধৰা। এতেকে তেওঁলোকে লোৰ যোগান ধৰিলে, আৰু তেওঁ সেইবোৰেৰে দুই পৰ্বতৰ মাজত প্ৰাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। অৱশেষত প্ৰাচীৰ যেতিয়া দুয়ো পৰ্বতৰ সমান হৈ গ'ল, তেতিয়া তেওঁ শ্ৰমিকসকলক ক'লেঃ এই লোৰ টুকু ৰাবোৰক জুয়ে ৰে উত্তপ্ত কৰা। লোৰ টু কু ৰাবোৰ যেতিয়া ৰঙা হৈ গ'ল তেতিয়া তেওঁ ক'লেঃ এতিয়া তাম লৈ আহা, যাতে ইয়াৰ ওপৰত ঢালি দিব পাৰোঁ।
فَمَا ٱسْطَـٰعُوٓا۟ أَن يَظْهَرُوهُ وَمَا ٱسْتَطَـٰعُوا۟ لَهُۥ نَقْبًۭا ﴿٩٧﴾
এতেকে ইয়াজুজ আৰু মাজুজ সেই প্ৰাচীৰৰ উচ্চতাৰ কাৰণে সেইটো বগাব নোৱাৰিলে। লগতে ইয়াৰ মজবুতিৰ ফলত তলফালেৰেও শিং লগাব পৰা ق নাছিল।
قَالَ هَـٰذَا رَحْمَةٌۭ مِّن رَّبِّى ۖ فَإِذَا جَآءَ وَعْدُ رَبِّى جَعَلَهُۥ دَكَّآءَ ۖ وَكَانَ وَعْدُ رَبِّى حَقًّۭا ﴿٩٨﴾
জুল-কাৰ্ণাইনে ক'লেঃ এই বান্ধটো হৈছে মোৰ প্ৰতিপালকৰ এক প্ৰকাৰ দয়া। যিটো প্ৰাচীৰে ইয়াজুজ আৰু মাজুজৰ পৃথিৱীত কৰা উপদ্ৰ ৱ প্ৰতিৰোধ কৰিব। কিন্তু যেতিয়াসেই সময় আহি পৰিব,কিয়ামতৰপূৰ্বে সিহঁ তৰওলোৱাৰযিটোসময় আল্লাহে নিৰ্ধাৰণ কৰিৰাখিছে,তেতিয়াআল্লাহে সেই প্ৰাচীৰ ধ্বংস কৰি দিব। সেই প্ৰাচীৰ ধ্বংস কৰি মাটি ত মিহলোৱা আৰু ইয়াজুজ মাজুজ ওলোৱাৰ ক্ষেত্ৰত আল্লাহৰ যি প্ৰতিশ্ৰুতি আছে সেয়া অটল তথা দৃঢ় , যিটো ভঙ্গ হোৱাৰকোনো প্ৰশ্নই নাহে।
۞ وَتَرَكْنَا بَعْضَهُمْ يَوْمَئِذٍۢ يَمُوجُ فِى بَعْضٍۢ ۖ وَنُفِخَ فِى ٱلصُّورِ فَجَمَعْنَـٰهُمْ جَمْعًۭا ﴿٩٩﴾
শেষৰ সময় ছোৱাত আমি মানুহক এনেকু ৱা অৱস্থাত এৰি দিম, সিহঁ তে সাগৰৰ ঢৌৰ দৰে পৰস্পৰে মিশ্ৰি ত হ'ব। ইপিনে যেতিয়া শিঙাত ফুঁ দিয়া হ'ব তেতিয়া আমি সকলো প্ৰাণীকে হিচাপ কিতাপৰ বাবে আৰু প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিম। بلغ আল-কোৰআন · তাফছীৰ وعرضنا جهن م يومئ ذ للكفرين عرضا
وَعَرَضْنَا جَهَنَّمَ يَوْمَئِذٍۢ لِّلْكَـٰفِرِينَ عَرْضًا ﴿١٠٠﴾
আমি কাফিৰসকলৰবাবেজাহান্নাম স্পষ্ট ৰূপে প্ৰকট কৰিম,যাতে সিহঁ তে নিজ চকু ৰেসেয়াদেখিবলৈ পায় ।
ٱلَّذِينَ كَانَتْ أَعْيُنُهُمْ فِى غِطَآءٍ عَن ذِكْرِى وَكَانُوا۟ لَا يَسْتَطِيعُونَ سَمْعًا ﴿١٠١﴾
আমি সেইখনক সেইসকল কাফিৰৰ বাবে প্ৰকট কৰিম, যিসকলে পাৰ্থিৱ জীৱনত অন্ধ আছিল তথা আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী আছিল। কিয় নো সিহঁ তৰ চকু ৰ ওপৰত আছিল আৱৰণ, যিটোৱে সিহঁ তক ইয়াৰ পৰা আঁতৰাই ৰাখিছিল। তথা সিহঁ তে উপকৃ ত হোৱাৰ উদ্দেশ্যে আল্লাহৰ আয়াত শুনিবলৈ সক্ষম নাছিল।
أَفَحَسِبَ ٱلَّذِينَ كَفَرُوٓا۟ أَن يَتَّخِذُوا۟ عِبَادِى مِن دُونِىٓ أَوْلِيَآءَ ۚ إِنَّآ أَعْتَدْنَا جَهَنَّمَ لِلْكَـٰفِرِينَ نُزُلًۭا ﴿١٠٢﴾
আল্লাহৰ লগত কু ফৰী কৰা ব্যক্তিসকলে ফিৰিস্তা, ৰাছু ল আৰু চয় তানক (যিবোৰ মোৰেই বান্দা) মোৰ বাহিৰে তেওঁলোকক উপাস্য বনাই ল’ব বুলি ভাবিছে নেকি? তেন্তে সেইসকল লোকে মনোযোগ সহকাৰে শুনা উচিত, নিশ্চয় আমি কাফিৰসকলৰ বাবে জাহান্নামক বাসস্থানৰূপে প্ৰতুস্ত কৰি ৰাখিছোঁ।
قُلْ هَلْ نُنَبِّئُكُم بِٱلْأَخْسَرِينَ أَعْمَـٰلًا ﴿١٠٣﴾
হে ৰাছু ল! আপুনি কওক যে, হে মানৱজাতি! মই তোমালোকক জনামনে যে, আমলৰফালৰপৰা আটাইতকৈ ক্ষতিগ্ৰ তস্ কোনসকল লোক?
ٱلَّذِينَ ضَلَّ سَعْيُهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَهُمْ يَحْسَبُونَ أَنَّهُمْ يُحْسِنُونَ صُنْعًا ﴿١٠٤﴾
সিহঁ ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা প্ৰত্যক্ষ কৰিব যে, পৃথিৱীত কৰা সিহঁ তৰ সকলো কৰ্ম অথলে গৈছে। অথচ সিহঁ তে পৃথিৱীত ভাবিছিল যে সিহঁ তে ভাল কৰি আছে, তথা সিহঁ তে এইবোৰ কৰ্মৰ দ্বাৰা লাভান্বি ত হ'ব। কিন্তু বাস্ত ৱিকতা ইয়াৰ পৰিপন্থী।
أُو۟لَـٰٓئِكَ ٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ رَبِّهِمْ وَلِقَآئِهِۦ فَحَبِطَتْ أَعْمَـٰلُهُمْ فَلَا نُقِيمُ لَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ وَزْنًۭا ﴿١٠٥﴾
এইসকল লোকেই নিজ প্ৰতিপালকৰসেইসমূ হ আয়াত অস্বীকাৰকৰিছিল যিবোৰআয়াত আল্লাহৰতাওহীদৰপ্ৰ মাণবহন কৰে। লগতে সিহঁ তে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছিল। এই অস্বীকাৰৰ ফলতেই সিহঁ তৰ সকলো আমল বাতিল হৈছে। সেয়ে কিয়ামতৰ দিনা আল্লাহৰ ওচৰত সিহঁ তৰ কোনো মৰ্যাদা নাই।
ذَٰلِكَ جَزَآؤُهُمْ جَهَنَّمُ بِمَا كَفَرُوا۟ وَٱتَّخَذُوٓا۟ ءَايَـٰتِى وَرُسُلِى هُزُوًا ﴿١٠٦﴾
সিহঁ তৰবাবেপ্ৰ স্তু ত কৰিৰখা প্ৰতিদান হৈছে জাহান্নাম। কিয় নো সিহঁ তে আল্লাহৰলগত কু ফৰী কৰিছে, তেওঁ অৱতীৰ্ণ কৰা আয়াতসমূহক আৰুতেওঁৰ ৰাছু লসকলক উপহাসৰ পাত্ৰ বনাই লৈছে।
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ كَانَتْ لَهُمْ جَنَّـٰتُ ٱلْفِرْدَوْسِ نُزُلًا ﴿١٠٧﴾
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক সন্মানস্বৰূপে জান্নাতৰ আটাইতকৈ উচ্চ স্থানত বসবাস কৰাৰ ঠাই দিয়া হ'ব। بلغ আল-কোৰআন · তাফছীৰ خلدين فيها لا يبغون عنها حولا
خَـٰلِدِينَ فِيهَا لَا يَبْغُونَ عَنْهَا حِوَلًۭا ﴿١٠٨﴾
তাত তেওঁ লোকে চিৰকাল বসবাস কৰিব, তাৰপৰা তেওঁ লোকে স্থানান্ত ৰহ'বনিবিচাৰিব। কিয় নো ইয়াৰসমান আন কোনো প্ৰতিদান হ'বই নোৱাৰে।
قُل لَّوْ كَانَ ٱلْبَحْرُ مِدَادًۭا لِّكَلِمَـٰتِ رَبِّى لَنَفِدَ ٱلْبَحْرُ قَبْلَ أَن تَنفَدَ كَلِمَـٰتُ رَبِّى وَلَوْ جِئْنَا بِمِثْلِهِۦ مَدَدًۭا ﴿١٠٩﴾
হে ৰাছু ল! আপুনি কৈ দিয় ক! নিশ্চয় মোৰপ্ৰ তিপালক সম্পৰ্কে বাক্য অধিক। এতেকে যদি সেইবোৰলিখিবলৈ সাগৰক চিয়াঁহী বনোৱা হয় , তেন্তে পৱিত্ৰ আল্লাহ সম্পৰ্কে কথা সমাপ্ত হোৱাৰপূৰ্বেই সাগৰৰপানী শেষ হৈ যাব। বৰংআমি আৰুযদি কেইবাখন সাগৰসৃষ্টি কৰোঁ,সেইবোৰো শেষ হৈ যাব।
قُلْ إِنَّمَآ أَنَا۠ بَشَرٌۭ مِّثْلُكُمْ يُوحَىٰٓ إِلَىَّ أَنَّمَآ إِلَـٰهُكُمْ إِلَـٰهٌۭ وَٰحِدٌۭ ۖ فَمَن كَانَ يَرْجُوا۟ لِقَآءَ رَبِّهِۦ فَلْيَعْمَلْ عَمَلًۭا صَـٰلِحًۭا وَلَا يُشْرِكْ بِعِبَادَةِ رَبِّهِۦٓ أَحَدًۢا ﴿١١٠﴾
হে ৰাছু ল! আপুনি কৈ দিয় ক, মই তোমালোকৰদৰেই এজন মানুহ। মোৰপ্ৰ তি অহী কৰা হয় যে, তোমালোকৰপ্ৰ কৃ ত উপাস্যহৈছে কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ হৈছে আল্লাহ তাআলা। এতেকে যিয়ে আল্লাহৰ লগত সাক্ষাৎ কৰাৰ আশা পোষণ কৰে, সিয়ে আল্লাহৰ প্ৰতি নিষ্ঠাৱান হৈ তেওঁ ৰচৰীয় ত মু তাবিক আমল কৰা উচিত, আৰু নিজ প্ৰতিপালকৰইবাদতত কাকো অংশীদাৰকৰা উচিত নহয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন