মুখ্য পৃষ্ঠাতাফছীৰAl-Faatiha (1)

তাফছীৰ Al-Faatiha (1) — الفاتحة

মক্কী · 7 আয়াত

পঢ়ক · শুনকPDF ফাইল

بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ ﴿١﴾

মই আল্লাহৰ নামত, তেওঁৰ সহায় -সহযোগিতা কামনা কৰি আৰু তেওঁৰ নামৰ বৰকত লৈ কোৰআন পঢ়া আৰম্ভ কৰিলোঁ। বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমত আল্লাহৰ তিনিটা নাম উল্লে খ আছে। ১) "আল্লাহ", অৰ্থাৎ সত্য উপাস্য। এইটো আল্লাহৰ বিশেষ নাম। এই নামেৰে তেওঁৰ বাহিৰে আন কাকো মাতিব নোৱাৰি। ২) "আৰ-ৰহমান", অৰ্থাৎ অসীম কৰুণাৰ গৰাকী। এতেকে তেওঁ স্বয়ং কৰুণাৰে পৰিপূৰ্ণ। ৩) "আৰ-ৰাহীম", অৰ্থাৎ দয়াৱান, কৃপাকাৰী। এতেকে তেওঁ মুমিন বান্দাসকলৰ লগতে তেওঁ ৰ সৃষ্টি জগতৰ যাক ইচ্ছা তাৰ ওপৰতে কৃ পা কৰে।

ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ ﴿٢﴾

প্ৰতাপী আৰু স্বয়ংসম্পূৰ্ণতাৰ গুণৰ লগতে সকলো প্ৰকাৰৰ প্ৰশংসা কেৱল তেওঁৰেই। কিয় নো আল্লাহেই প্ৰত্যেক বস্তু ৰ প্ৰতিপালক, স্ৰষ্টা আৰু পৰিচালক। ‘আল-আলামূন’ হৈছে ‘আলম’ শব্দৰ বহুবচন। ইয়াৰ মাজত আল্লাহৰ বাহিৰে সকলোকে সামৰি লোৱা হৈছে।

ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ ﴿٣﴾

পূৰ্বৱৰ্তী আয়াতত আল্লাহৰ প্ৰশংসাৰ পিছত ইয়াত তেওঁ ৰ গুণাৱলীৰ বৰ্ণনা কৰা হৈছে।

مَـٰلِكِ يَوْمِ ٱلدِّينِ ﴿٤﴾

ইয়াত আল্লাহৰ প্ৰভূত্ব বৰ্ণনা কৰি কোৱা হৈছে যে, তেওঁ কিয়ামত দিৱসৰ সকলো বস্তু ৰ গৰাকী। যিদিনা কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব। "ইয়াউমিদ্দীন" শব্দৰ দ্বাৰা প্ৰতিদান আৰু হিচাপ-নিকাচৰ দিৱসটোক বুজোৱা হৈছে। إ ي اك نعبد وإي اك نستعين

إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ ﴿٥﴾

আমি সকলো প্ৰকাৰৰ ইবাদত আৰু আনুগত্য কেৱল তোমাৰ বাবেই কৰোঁ। তোমাৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰোঁ আৰু আমি আমাৰ সকলো ক্ষেত্ৰতে কেৱল তোমাৰ ওচৰতেই সহায় বিচাৰোঁ। কিয়নো সকলো প্ৰকাৰৰ কল্যাণ কেৱল তোমাৰ হাততেই আছে আৰু তোমাৰ বাহিৰে আন কোনোসহায় ক নাই। بلغ আল-কোৰআন · তাফছীৰ

ٱهْدِنَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ ﴿٦﴾

আমাক সুপথ দেখুৱা, আৰু সেই পথত পৰিচালিত কৰা, তাৰ ওপৰতে অবিচল ৰাখা, লগতে আমাৰ হিদায় ত বৃদ্ধি কৰি দিয়া। ‘আচ-ছিৰাত আল-মুতাক্বীম’ৰস্ দ্বাৰা সেই পথক বুজোৱা হৈছে, যিটো স্পষ্ট , যিপথত কোনো বক্ৰ তা নাই। এইটোৱে হৈছে ইছলাম, যিটো প্ৰদান কৰি মহান আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰে ৰণ কৰিছে।

صِرَٰطَ ٱلَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ ٱلْمَغْضُوبِ عَلَيْهِمْ وَلَا ٱلضَّآلِّينَ ﴿٧﴾

আমাক তোমাৰ সেই বান্দাসকলৰ পথ দেখুৱা, যিসকলক তুমি হিদায় তেৰে পুৰস্কৃত কৰিছিলা। যেনে- নবীসকল, সত্যনিষ্ঠ সকল, শ্বহীদ আৰু সত্কৰ্মপৰায় ণসকল। এওঁলোক কিমান উত্তম সঙ্গী!! সেইসকলৰ পথ নহয় , যিসকলে সত্য জনাৰ পিছতো তাৰ অনুসৰণ কৰা নাই। যেনে- ইয়াহুদীসকল। লগতে সেই সকলৰ পথো নেদেখুৱাবা, যিসকলে সত্যৰ অনুসন্ধান আৰু সেয়া পোৱাৰ প্ৰয়াসত অৱহেলা কৰাৰ কাৰণে সত্যত উপনীত হ’বলৈ অসফল হৈছে। যেনে- খৃ ষ্টানসকল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Faatiha — الفاتحة

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা